তামুলপুৰত একেদিনাই কেইবাটাও দুৰ্ঘটনা ?

Telegram

তামুলপুৰত একেদিনাই কেইবাটাও দুৰ্ঘটনা?

ভূমিকম্প, পথ দুৰ্ঘটনা আৰু জুই লগাৰ ফলত দুগৰাকী লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হয়।

 

এয়া কোনো প্ৰকৃত দুৰ্ঘটনা নহয়। তামুলপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ সহযোগত অনুষ্ঠিত সজাগতামূলক Mock-Drill অনুষ্ঠান।

 

তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আৰু তামুলপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত কালিৰে পৰা জিলা পৰ্যায়ত “ইনচিডেণ্ট ৰেছপনছ্ ছীষ্টেম” সম্পৰ্কীয় এখনি দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিল।

 

কালি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে মুকলি কৰা উক্ত কাৰ্যসূচীৰ আজি দ্বিতীয় দিনা তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয় চৌহদত এটি Mock-Drill অনুষ্ঠিত কৰি প্ৰাকৃতিক দুৰ্যোগ যেনে– ভূমিকম্পৰ সময়ত লব লগা সাৱধানতাৰ সমান্তৰালভাৱে পথ দুৰ্ঘটনা, অগ্নিকাণ্ড আদিত প্ৰয়োজনীয় সাৱধানতা সন্দৰ্ভত এক ব্যৱস্থাৰে সকলোকে সজাগতা আনিবলৈ প্ৰয়াস কৰে।

 

উক্ত কাৰ্যসূচীত অগ্নিনিৰ্বাপক বাহিনী, স্বাস্থ্য বিভাগ, SDRF, NDRF কে ধৰি বিভিন্ন বিভাগ আৰু পেবেলিয়ান নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে সহযোগত কৰে।

  • Related Posts

    • Current
    • June 16, 2025
    • 2 views
    • 1 minute Read
    আজি দিনৰ ১১ বজাত চি এম ভিজিলেন্সত হাজিৰ হ’ব লাগিব সাংসদ অজিত কুমাৰ ভূঞা 🕚⚖️

    Telegram

    TelegramTweetআজি দিনৰ ১১ বজাত চি এম ভিজিলেন্সত হাজিৰ হ’ব লাগিব সাংসদ অজিত কুমাৰ ভূঞা 🕚⚖️   আজি অত্যন্ত গুৰুত্বপূর্ণ ঘটনা — অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এক তাৎপৰ্যপূৰ্ণ পৰিৱর্তনৰ সম্ভাৱনা। অসমৰ সাংসদ…

    • Current
    • June 16, 2025
    • 2 views
    • 1 minute Read
    DIGIPIN কি? ইয়াৰ জৰিয়তে আপুনি কিদৰে লাভান্বিত হ’ব? 💻📱

    Telegram

    TelegramTweetDIGIPIN কি? ইয়াৰ জৰিয়তে আপুনি কিদৰে লাভান্বিত হ’ব? 💻📱   ডিজিটেল ভাৰতৰ দিশে আগবাঢ়ি থকা এই যুগত DIGIPIN হৈছে এক নতুন পদক্ষেপ, যাৰ জৰিয়তে সাধাৰণ ৰাইজে বিভিন্ন চৰকাৰী সেৱা অধিক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *