
এতিয়াৰে পৰা কোনো মহলদাৰে শাক-পাচলি, তামোল-পাণৰ ব্যৱসায়ীৰ পৰা ধন ল’ব নোৱাৰিব৷ কেবিনেটত সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ সংবাদ মেলত ঘোষণা।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তৰ বিষয়ে মন্তব্য কৰি কয় যে, এই পদক্ষেপৰ জৰিয়তে সৰু ব্যৱসায়ীসকলৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব আৰু তেওঁলোকৰ জীৱিকাৰ সুৰক্ষা নিশ্চিত হ’ব। তেওঁ লগতে উল্লেখ কৰে যে, এই সিদ্ধান্তই ৰাজ্যৰ অৰ্থনীতিৰ সুষম বিকাশত সহায় কৰিব।