
ভুচৱল আৰু গুৱাহাটীৰ মাজত উত্তৰ পূব সীমান্ত ৰেলৱেৰ ভাৰত গৌৰৱ ৰেল
কেইখনমান ৰেলৰ সময়সূচীত সংশোধন
মালিগাওঁ, ০১ জানুৱাৰী, ২০২৫:
ইয়াৰ উপৰিও, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা যাত্ৰীসকলৰ উন্নততৰ সুবিধাৰ বাবে তলত দিয়া বিৱৰণ অনুসৰি কেইখনমান ৰে’লৰ সময়সূচীৰ সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে:
ৰেল নং ০৫৬৩৮ শিলচৰ- নাহৰলগুন এক্সপ্ৰেছ ৬ জানুৱাৰীৰ পৰা ৩১ মাৰ্চ, ২০২৫ তাৰিখলৈ প্ৰত্যেক সোমবাৰে শিলচৰৰ পৰা ১৩:১০ বজাত প্ৰস্থান কৰি পিছদিনা ০৮:৪০ বজাত নাহৰলগুনত উপস্থিত হব। উভতনি যাত্ৰাৰ সময়ত ৰেল নং. ০৫৬৩৭ নাহৰলগুন – শিলচৰ এক্সপ্ৰেছ ৭ জানুৱাৰীৰ পৰা ১ এপ্ৰিল, ২০২৫ তাৰিখলৈ প্ৰত্যেক মঙলবাৰে নাহৰলগুনৰ পৰা ১০:০০ বজাত প্ৰস্থান কৰি পিছদিনা ০৫:২০ বজাত শিলচৰত উপস্থিত হব। উভয় দিশৰ যাত্ৰাৰ সময়ত ৰেলখন নিউ হাফলং, লামডিং, ডিমাপুৰ, মৰিয়নি, নিউ তিনিচুকীয়া, ধেমাজি, হাৰমতী হৈ চলাচল কৰিব।
বিশেষ ৰেল সেৱাৰ প্ৰাৰম্ভ আৰু পৰিচালন অনুকূল কৰাৰ জৰিয়তে যাত্ৰীসকলৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেই প্ৰতিশ্ৰুতিবদ্ধ। যাত্ৰীসকলে এই সেৱাৰ সুবিধা গ্ৰহণ কৰি আৰামদায়ক ভ্ৰমণ উপভোগ কৰাৰ বাবে উৎসাহিত কৰা হৈছে। অধিক তথ্যৰ বাবে, যাত্ৰীসকলে চৰকাৰী ৱেবছাইট অৱলোকন কৰিব পাৰিব অথবা নিকটতম ৰেল ষ্টেচনৰ সৈতে যোগাযোগ কৰিব পাৰিব। বিস্তৃত আপডেট আৰু তথ্যৰ বাবে যাত্ৰীসকলক উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন চচিয়েল মিডিয়া প্লেটফৰ্ম দৰ্শন কৰাৰ বাবে অনুৰোধ কৰা হল।