
তামুলপুৰত “ভাষা গৌৰৱ সপ্তাহ” পালন ।
*তামুলপুৰ, ৮ নৱেম্বৰ, ২০২৪* : অসমীয়া ভাষাক কেন্দ্ৰীয় চৰকাৰে ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ পাছত অসম চৰকাৰে ৩―৯ নৱেম্বৰত “ভাষা গৌৰৱ সপ্তাহ” পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ পৰিপ্ৰেক্ষিতত অসমৰ সকলো জিলাতে চৰকাৰী-বেচৰকাৰী বিভিন্ন বিভাগ তথা অনুষ্ঠান-প্ৰতিষ্ঠানে “ভাষা গৌৰৱ সপ্তাহ” পালন কৰিবলৈ লয়। যোৱা ৩ নৱেম্বৰত তামুলপুৰ জিলা প্ৰশাসনে এই সপ্তাহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰাৰ পাছত জিলাখনৰ বিভিন্ন বিভাগ তথা অনুষ্ঠান-প্ৰতিষ্ঠানে “ভাষা গৌৰৱ সপ্তাহ” পালন কৰা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ আজি তামুলপুৰ জিলাৰ “ছাব-ডিভিজনে’ল চেণ্টাৰ”স্থিত জনসংযোগ, উদ্যোগ আৰু বাণিজ্য আৰু জলসম্পদ বিভাগে “ভাষা গৌৰৱ সপ্তাহ” পালন কৰে। জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে তামুলপুৰ প্ৰেছ ক্লাবৰ সভাপতি তথা সাংবাদিক উৎপল ডেকাই। সভাত আমন্ত্ৰিত অতিথি হিচাপে তামুলপুৰ জিলা সাহিত্য সভাৰ সভাপতি উমেশ দাসে ধ্ৰুপদী অসমীয়া ভাষাৰ ঐতিহ্যৰ বিষয়েও নিজৰ বক্তব্য দাঙি ধৰে। লগতে বড়ো বড়ো সাহিত্য সভাৰ তামুলপুৰ শাখাৰ সভাপতি খনিন্দ্ৰ নাৰ্জীয়ে চৰকাৰী কাৰ্যালয়বোৰত সকলোক্ষেত্ৰতে অসমীয়া ভাষাৰ প্ৰয়োগ হোৱা উচিত বুলি মন্তব্য কৰে। জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা গোলাপ চন্দ্ৰ দাসে কয় যে ভাষা শিকাত কোনো আপত্তি নাই। কিন্তু নিজৰ মাতৃভাষাটো পাহৰিলেহে ভুল হ’ব। সভাত জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তা হেমন্ত কুমাৰ শৰ্মায়ো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা সন্দৰ্ভত সাৰগৰ্ভ বক্তব্য ৰাখে। সভাত সভাপতিৰ আসনৰ পৰা তামুলপুৰ প্ৰেছ ক্লাবৰ সভাপতি উৎপল ডেকাই ইংৰাজে “অৰুণোদয়” আলোচনীৰ যোগদি অসমীয়া ভাষা-সাহিত্যলৈ বৰঙণি যোগাই ভাষাটোৰ যি উপকাৰ সাধিলে, সেই সম্পৰ্কে উল্লেখ কৰাৰ উপৰি অসমীয়া ভাষা-সাহিত্যৰ মেৰুদণ্ডস্বৰূপ শ্ৰীমন্ত শংকৰদেৱে বিশ্বসাহিত্যৰ স্বনামধন্য লেখক শ্বেক্সপীয়েৰতকৈও বহু বছৰ আগতেই অসমীয়া ভাষাটোক যে সমৃদ্ধ কৰিছে, সেই সম্পৰ্কে বিস্তৃত মন্তব্য আগবঢ়ায়। অনুষ্ঠানটিৰ আদৰণী ভাষণত তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই কয়, “অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰাৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাবই লাগিব। তাৰ লগে লগে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰকো ধন্যবাদ দিব লাগিব। কিন্তু এটা কথা আমি একোগৰাকী সচেতন ব্যক্তি হিচাপে মনত ৰাখিব লাগিব যে কেৱল স্বীকৃতিতে সন্তুষ্টি লাভ কৰি থাকিলে নহ’ব, ভাষাটোক জীয়াই ৰাখিব লাগিব। ভাৰতত বহু ভাষা ইতিমধ্যে মৃত ভাষা হিচাপে চিহ্নিত হৈছে। আমাৰ অসমীয়া ভাষাটো যাতে তেনে পৰ্যায়লৈ নাযায়, তাৰ বাবে আমি অহোপুৰুষাৰ্থ কৰিব লাগিব। তেতিয়াহে কেন্দ্ৰীয় চৰকাৰৰ এই স্বীকৃতিয়ে ভাষাটোক প্ৰকৃত মৰ্যাদা প্ৰদান কৰিব।” আজিৰ সভাখনত অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ তামুলপুৰ শাখাৰ সভাপতিদ্বয় উমেশ দাস আৰু খনিন্দ্ৰ নাৰ্জী, তামুলপুৰ শাখা বড়ো সাহিত্য সভাৰ সম্পাদক ৰত্নেশ্বৰ বড়ো, তামুলপুৰ প্ৰেছক্লাবৰ সভাপতি উৎপল ডেকা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালক দিব্যজ্যোতি দাস, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা গোলাপ চন্দ্ৰ দাস, জলসম্পদ বিভাগৰ কনিষ্ঠ অভিযন্তা হেমন্ত কুমাৰ শৰ্মা, জনসংযোগ বিষয়া বিজয় বেজবৰুৱা, তিনিওটা বিভাগৰ কৰ্মচাৰী তথা একাংশ সাহিত্যানুৰাগী উপস্থিত থাকে।