তামুলপুৰ জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ প্ৰথম দ্বি বাৰ্ষিক অধিবেশন :
তামুলপুৰ , ৩০ ডিচেম্বৰ :
সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ অধীনৰ তামুলপুৰ জিলা সমিতিৰ প্ৰথম দ্বি বাৰ্ষিক অধিবেশনখনি অহা ৫ জানুৱাৰীত তামুলপুৰ মহাবিদ্যালয়ত দিন যোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । তামুলপুৰ জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি কবিন চন্দ্ৰ বড়ো আৰু ভাৰপ্ৰাপ্ত সম্পাদক নৰেন ৰাজবংশীয়ে জনোৱা মতে আটাইবোৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ অৰ্থে মুনিন্দ্ৰ তালুকদাৰক সভাপতি আৰু গৌতম চন্দ্ৰ কলিতাক মুখ্য আহ্বায়ক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে । কাৰ্যসূচী অনুসৰি সিদিনা পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব কবিন চন্দ্ৰ বড়োৱে । পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰিব পশ্চিম তামুলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীপতি বৰা আৰু কুমাৰীকাটা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ বায়নে । পুৱা ১০ বজাত প্ৰতিনিধি সভা উদ্বোধন কৰিব তামুলপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগেন বড়োৱে । দিনৰ ১ বজাত অনুষ্ঠিতব্য মুকলি সভাখন উদ্বোধন কৰিব বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী , তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু বিটিআৰৰ মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাই । সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই । সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াব সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাৰ সভাপতি গুণাৰাম গগৈ আৰু সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ যুটীয়া সম্পাদক ৰমেন বৰ্মনে । ইপিনে সভাখনত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ উপ সভাপতি মচিউজ জামান , সম্পাদক অপূৰ্ব শৰ্মা আৰু কোষাধ্যক্ষ আব্দুল ৰফ আহমেদে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব । #