উত্তৰ পূব সীমান্ত ৰেলৱেই জানুৱাৰী ২০২৫ ৰ পৰা যাত্ৰীবাহী ৰেলৰ পূৰ্বৰ নম্বৰসমূহ পুনৰ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত 

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেই জানুৱাৰী ২০২৫ ৰ পৰা যাত্ৰীবাহী ৰেলৰ পূৰ্বৰ নম্বৰসমূহ পুনৰ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত 

 

মালিগাওঁ, ২৮ ডিচেম্বৰ, ২০২৪:

 

উত্তৰ-পূব সীমান্ত ৰে’লৱেই কোভিড-১৯ ৰ পূৰ্বে যিদৰে চলি আছিল সেইদৰে সকলো যাত্ৰীবাহী ৰে’লত সেইসমূহৰ নিয়মীয়া নম্বৰৰ সৈতে চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে’লৱে ব’ৰ্ডৰ সিদ্ধান্ত অনুসৰি, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনৰ সকলো যাত্ৰীবাহী ৰেল (আইচিএফ/ডেমু/এলএইচবি) এতিয়া নিয়মীয়া নম্বৰৰ সৈতে চলাচল কৰিব (বিদ্যমান ‘০’ নম্বৰ প্ৰণালীৰ পৰিৱৰ্তে)। ২০২৫ বৰ্ষৰ জানুৱাৰীৰ পৰা সেইসমূহৰ পূৰ্বৰ ৰেল নম্বৰৰ সৈতে আগৰ ফ্ৰীকুৱেন্সী অনুসৰি সমগ্ৰ ৬০ খন যাত্ৰীবাহী ৰেল চলাচল কৰিব।

 

৬০ যোৰ যাত্ৰীবাহী ৰেলৰ ভিতৰত, ০৪ যোৰ তিনিচুকীয়া মণ্ডলৰ পৰা, ১৯ যোৰ লামডিং মণ্ডলৰ পৰা, ১০ যোৰ ৰঙিয়া মণ্ডলৰ পৰা, ০৬ যোৰ আলিপুৰদুৱাৰ মণ্ডলৰ পৰা আৰু ২১ যোৰ কাটিহাৰ মণ্ডলৰ পৰা চলাচল কৰিব। যেনে- তিনিচুকীয়া মণ্ডলৰ ৰেল নং. ৫৫৯০৯/৫৫৯১০ (শিমলুগুড়ী জংচন – ডিব্ৰুগড় – শিমলুগুড়ী জংচন) আৰু ৰেল নং ৭৫৯০৪/৭৫৯০৫ (মাকুম জংচন – ডাংগৰী – মাকুম জংচন); লামডিং মণ্ডলৰ ৰেল নং. ৫৫৬০৩/৫৫৬০৪ (গুৱাহাটী – মৈৰাবাৰী – গুৱাহাটী) আৰু ৰেল নং. ৫৫৬৮৭/৫৫৬৮৮ (দুল্লভচেৰা – শিলচৰ – দুল্লভচেৰা); ৰঙিয়া মণ্ডলৰ ৰেল নং. ৫৫৬১৯/৫৫৬২০ (মেন্দিপথাৰ – গুৱাহাটী – মেন্দিপথাৰ) আৰু ৰেল নং. ৫৫৮২১/৫৫৮২২ (ৰঙিয়া – ডেকাৰগাঁও – ৰঙিয়া); আলিপুৰদুৱাৰ মণ্ডলৰ ৰেল নং ৫৫৪২১/৫৫৪২২ (মালদা টাউন – বালুৰঘাট – মালদা টাউন) আৰু ৰেল নং. ৫৫৪৬৫/৫৫৪৬৬ (আলিপুৰদুৱাৰ জংচন – বামনহাট – আলিপুৰদুৱাৰ জংচন) আৰু কাটিহাৰ মণ্ডলৰ ৰেল নং. ৫৫৭২৭/৫৫৭২৮ (কাটিহাৰ– ৰাধিকাপুৰ – কাটিহাৰ) আৰু ৰেল নং ৭৫৭৪৩/৭৫৭৪৪ (কাটিহাৰ – শিলিগুড়ী – কাটিহাৰ) অন্তৰ্ভূক্ত আছে।

 

এই সমগ্ৰ ৬০ যোৰ ৰেলৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত বিৱৰণবোৰ অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হল।

  • Related Posts

    NFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border

    Telegram

    TelegramTweetNFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border   Maligaon, 01st May, 2025: In a significant step toward strengthening border security and ensuring the safety of railway assets…

    Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service

    Telegram

    TelegramTweet  Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service   Maligaon, 17th April, 2025: In a remarkable tribute to India’s rich railway heritage, the Darjeeling Himalayan Railway…

    Leave a Reply

    Your email address will not be published. Required fields are marked *