বদৰুদ্দিন আজমলৰ তীব্ৰ কতাক্ষ অখিল গগৈক

Telegram

অসমৰ ৰাজনৈতিক পৰিৱেশ এতিয়া উত্তাল, বিশেষকৈ বদৰুদ্দিন আজমল আৰু অখিল গগৈৰ মাজত চলা তীব্ৰ বাগযুদ্ধৰ বাবে। সদৌ অসম সংখ্যালঘু ছাত্র সন্থাৰ এক সভাত, বদৰুদ্দিন আজমলে অখিল গগৈক কুকুৰ আৰু জানোৱাৰৰ লগত তুলনা কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত অখিল গগৈয়ে এই মন্তব্যক চরম অসাংবিধানিক আৰু অপমানজনক বুলি আখ্যা দিছে।

 

বদৰুদ্দিন আজমলৰ মন্তব্য

 

আজমলে সদৌ অসম সংখ্যালঘু ছাত্র সন্থাৰ সভাত কয় যে,

অখিল গগৈ আৰু তেওঁৰ পিতৃয়ে কোনোদিনো স্কুল বা শিক্ষা প্ৰতিষ্ঠান নিৰ্মাণ কৰা নাই। তেওঁ কেৱল অপপ্ৰচাৰ আৰু জাতি বিদ্বেষৰ ৰাজনীতি কৰে। তেওঁ কুকুৰৰ দৰে কাৰোবাক চোঁচৰাই ফুৰে।”

 

এই মন্তব্য ৰাজনৈতিক বৃত্তত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। বহু বিশ্লেষক মতে, আজমলৰ ভাষ্য গড়হণযোগ্য নহয় আৰু এটি গণতান্ত্ৰিক সমাজত এনে মন্তব্যৰ স্থান নাই।

 

অখিল গগৈৰ প্ৰতিক্ৰিয়া

 

অখিল গগৈয়ে এই মন্তব্যৰ প্ৰত্যুত্তৰত কয়,

 

বদৰুদ্দিন আজমলে গণতান্ত্ৰিক আৰু সাংবিধানিক প্ৰক্ৰিয়াৰ পৰিপন্থী কথা কৈছে। এজন সাংসদ হিচাপে তেওঁৰ এনে আচৰণ অসমীয়াৰ গৌৰৱক হানি কৰিছে। ময়নামতিট কেনেকৈ বিদ্যালয় স্থাপন কৰিছিল, সেই ইতিহাস তেওঁ জানে নে? বদৰুদ্দিন আজমলে শিক্ষা প্ৰতিষ্ঠান বনোৱা বুলি দাবী কৰে, কিন্তু তেওঁ শুদ্ধ শিক্ষা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিত কিমান অংশ লৈছে সেয়া জনসাধাৰণে জানিবলৈকো অধিকাৰ ৰাখে।”

অখিল গগৈয়ে নিজে এই বিষয়ক আইনী পদক্ষেপ ল’ব বুলি সংকেত দিছে। লগতে, তেখেতে অসমবাসীক অপপ্ৰচাৰৰ বিৰুদ্ধে সতৰ্ক থকাৰ আহ্বান জনায়।

 

বিষয়টোৰ প্ৰতিক্ৰিয়া

 

এই ঘটনাই বিভিন্ন মহলত দৃষ্টান্তমূলক চর্চাৰ সৃষ্টি কৰিছে। একাংশ জনসাধাৰণে আজমলক ক্ষমা বিচাৰিবলৈ আহ্বান জনাইছে, আৰু আন একাংশই এই ঘটনাক অতিৰঞ্জিত বুলি গণ্য কৰিছে। ৰাজনৈতিক ভাষাৰ পৰিসীমা কি হ’ব লাগে, সেই বিষয়ে নতুন বিতর্কৰ জন্ম হৈছে।

 

এই ঘটনাই দেখুৱাইছে যে অসমত ৰাজনৈতিক বাকস্বাধীনতা আৰু ব্যক্তিগত আক্রমণৰ মাজত সীমা ৰখা একান্তই প্ৰয়োজন। অখিল গগৈ আৰু বদৰুদ্দিন আজমলৰ এই সংঘৰ্ষই কেৱল ৰাজনৈতিক উত্তাপ বৃদ্ধি কৰে নকৰি, অসমীয়া সমাজত অধিক সংঘাতৰ সম্ভাৱনা সৃষ্টি কৰিব পাৰে।

 

  • Related Posts

    তামুলপুৰৰ দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান ও মণ্ডল কাৰ্যনিৰ্বাহক সভা

    Telegram

    TelegramTweetতামুলপুৰৰ দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান ও মণ্ডল কাৰ্যনিৰ্বাহক সভা। স্থানীয় বিজেপিৰ পাৰিষদ বিজিত গৌৰা নাৰ্জাৰী, জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস,সাধৰণ সম্পাদক ভজন দাস, মণ্ডল সভাপতি ৰিদিপ দাসৰ লগতে…

    গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰ

    Telegram

    TelegramTweet📌 গো মাংস সম্পৰ্কে পুনৰ বিস্ফোৰণ গৌৰৱ গগৈৰ 📌 “অসমৰ RSS নহয়, বাহিৰৰ পৰা অহা RSS জড়িত নামঘৰ-মন্দিৰত গো মাংস পেলোৱা কাৰ্যত,” বোমা ফটকানে কংগ্রেছ সভাপতি গৌৰৱ গগৈ। 📌 মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *