
তামুলপুৰ জিলাৰ কুমাৰীকাত ২১তম্ হাসা -ভাষা বিজয় দিৱস আৰু মাঞ্জহী পাৰগানা সন্মিলনৰ সফল সামৰণিঃ
গীতে মুখৰ কুমাৰীকাটাৰ নিকটৱৰ্তী দৈমাবাৰী চুপাৰ মাৰ্কেট খেলপথাৰঃ
২৪ ডিচেম্বৰঃ
২১ ডিচেম্বৰত মাঞ্জহী পাৰগানা সন্মিলন অনুষ্ঠিত কৰাৰ পিছত ২২ ডিচেম্বৰত অনুষ্ঠিত হয় হাসা ভাষা আৰু বিজয় দিৱস ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ আদিবাসী জনগণে সদলবলে যোদো গদান কৰি অনুষ্ঠানটো গীতে মাতে সফল কৰি তোলে ৷
ৰাজ্যিক নেতৃত্বৰ উপৰিও সুদূৰ পশ্চিম বঙ্গ,ঝাৰখণ্ডৰ আদি বিভিন্ন প্ৰদেশৰ পৰা আহি কেন্দ্ৰীয় নেতৃবৃন্দই ভাষণ প্ৰদান কৰি উপস্থিত ৰাইজক উদ্বুদ্ধ কৰি তোলে ৷ আনহাতে মুকলি সভাতেই প্ৰায় দুকুৰি চাওতালী গাভৰুৱে দলীয় নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটো উপভোগ্য কৰি তোলাৰ উপৰিও সভাখনক এক অনন্যমাত্ৰা প্ৰদান কৰে ৷ মুকলি সভাত কেন্দ্ৰীয় চাৰণা ধৰম মাণ্ডৱা গণেশ চন্দ্ৰ মুৰ্মু,মোহন হাচদা,লক্ষ্মীনাৰায়ণ কিস্কুৰ উপৰিও
সেঙ্গেল মহিলা মৰ্চা সভানেত্ৰী অসমৰ চম্পা কিস্কু, ৰাজ্যিক উপ সভাপতি বাজুন টুডূ, বিৰসা মুৰ্মূ, প্ৰমিলা টুডূ ,টেৰেছা হাসদা, চিউদল মুৰ্মূ, থমাচ চৰেন, ঈশ্বৰ চৰেন,গোপিন হেম্ব্ৰম আদি উপস্থিত থাকে৷##