২৪ নং বাহিনী এছএছবিৰ উদ্যোগত তামুলপুৰত কম্পিউটাৰ প্ৰশিক্ষণৰ শুভাৰম্ভ।

  • Current
  • December 24, 2024
  • 0 Comments
Telegram

২৪ নং বাহিনী এছএছবিৰ উদ্যোগত তামুলপুৰত কম্পিউটাৰ প্ৰশিক্ষণৰ শুভাৰম্ভ।

 

তামুলপুৰ, ২৪ ডিচেম্বৰঃ

 

২৪ নম্বৰ বাহিনী এছএছবি ৰঙিয়াৰ কামাণ্ডেণ্ট দীপক সিঙৰ নিৰ্দেশনাত “উত্তৰ-পূব নাগৰিক কল্যাণ কাৰ্যসূচী”ৰ অধীনত তামুলপুৰত “কেৰিয়াৰ ইনফো” প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত আজি ৩০ দিনীয়া চিলাই প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰা হয়। উক্ত চিলাই পাঠ্যক্ৰমৰ সময়ত, সীমান্ত অঞ্চলৰ ২৫ গৰাকী যুৱতী মহিলাক বিভিন্ন প্ৰকাৰৰ চিলাইৰ প্ৰশিক্ষণ দিয়া হ’ব। আজিৰ এই চিলাই প্ৰশিক্ষণ পাঠ্যক্ৰম”ৰ শুভ উদ্বোধন কৰে ২৪ নম্বৰ বাহিনী এছএছবি ৰঙিয়াৰ উপ কামাণ্ডেণ্ট বিশ্বনাথ মিশ্ৰয়।

 

প্ৰশিক্ষণৰ কাৰ্যসূচী উদ্বোধন কৰি শিক্ষাৰ্থীসকলক উদ্দেশ্যী তেওঁ চিলাইৰ বিভিন্ন লাভালাভৰ বিষয়ে কোৱাৰ লগতে ঘৰুৱা প্ৰয়োজনীয়তাৰ লগতে বৰ্তমান ই এক অতি লাভজনক বিষয় বুলিও মন্তব্য কৰে। এইক্ষেত্ৰত ২৪ নম্বৰ বাহিনী এছএছবিয়ে বিভিন্ন সময়ত যুৱক-যুৱতী, মহিলাসকলক স্বাৱলম্বী কৰাৰ স্বাৰ্থত এনেধৰণৰ লাভজনক বিষয়ৰ প্ৰশিক্ষণ দি আহিছে।

 

উল্লেখ্য যে– ২৪ নম্বৰ বাহিনী এছএছবি ৰঙিয়াই নাগৰিক/শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সীমান্ত অঞ্চলৰ নাগৰিকসকলক স্বাৱলম্বী আৰু আৰ্থিকভাৱে সক্ষম কৰি দেশখন নিৰন্তৰভাৱে আগবঢ়াই লৈ যাবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। সুদূৰ ভৱিষ্যতে এছএছবিৰ এনেধৰণৰ কাৰ্যসূচী অব্যাহত থাকিব বুলিও উল্লেখ কৰি তেওঁ আকৌ কয় যে– আমাৰ মূলমন্ত্ৰ হৈছে সেৱা, নিৰাপত্তা আৰু ভ্ৰাতৃত্ব, আমি সদায় সীমান্ত অঞ্চলৰ নাগৰিকৰ কল্যাণৰ বাবে সাজু থাকিম আৰু সৰ্বশ্ৰেষ্ঠ প্ৰয়াস কৰিম।

 

আজিৰ এই কাৰ্যসূচীত উপস্থিত থকা সীমান্তৱৰ্তী প্ৰশিক্ষাৰ্থীসকল উৎসাহিত হোৱাৰ লগতে ২৪ নম্বৰ বাহিনী ৰঙিয়া এছএছবিৰ এনেধৰণৰ কাৰ্যসূচীক প্ৰশংসা কৰে। আজিৰ এই চিলাই প্ৰশিক্ষণ শুভাৰম্ভণি অনুষ্ঠানটোত ২৪ নম্বৰ বাহিনী এছএছবি ৰঙিয়াৰ কেইবাগৰাকীও জোৱান উপস্থিত আছিল।

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳

    Telegram

    TelegramTweet🧘‍♂️ International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳   21 जून को मनाए जा रहे अंतर्राष्ट्रीय योग…

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣

    Telegram

    TelegramTweet🇮🇳 Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣   Another proud moment for the people of Assam! At…

    Leave a Reply

    Your email address will not be published. Required fields are marked *