তামুলপুৰত অনুষ্ঠিত হয় শীতকালীন ক্ৰিকেট শিবিৰ।

Telegram

তামুলপুৰত অনুষ্ঠিত হয় শীতকালীন ক্ৰিকেট শিবিৰ।

 তামুলপুৰ, ২২ ডিচেম্বৰঃ

 

তামুলপুৰ জিলা ক্ৰিকেট সংন্থা আৰু তামুলপুৰ ক্ৰিকেট একাডেমীৰ উদ্যোগত আজিৰে পৰা আৰম্ভ কৰা হয় শীতকালীন ক্ৰিকেট শিবিৰ।

তামুলপুৰ জিলা সদৰত থকা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা উক্ত শীতকালীন ক্ৰিকেট শিবিৰটোৰ আজি পুৱাৰ ভাগত শুভ উদ্বোধন কৰে তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ সভাপতি তথা বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভাই।

 

শীতকালীন ক্ৰিকেট শিবিৰটো উদ্বোধন কৰি এমচিএলএ গৰাকীয়ে এটা টিমৰ বাবে ক্ৰিকেট খেলৰ সামগ্ৰী বিতৰণ কৰে। শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা এই শীতকালীন ক্ৰিকেট শিবিৰটোৰ আজি শুভাৰম্ভণি অনুষ্ঠানত তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ সভাপতি দেবেন দাস, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি ঠাকুৰীয়া, তামুলপুৰ ক্ৰিকেট একাডেমীৰ সাধাৰণ সম্পাদক ৰুপম মহন্ত আৰু প্ৰশিক্ষক পৰাগ বৰ্মন উপস্থিত থাকে।

  • Related Posts

    তামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ

    Telegram

    TelegramTweetতামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ   তামুলপুৰ,২০ জুলাইঃ   তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় বাৰ্ষিক…

    BCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।

    Telegram

    TelegramTweetBCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।     📊 আয়ৰ အေাৱৰণ:   সৰ্বমুঠ উপাৰ্জন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *