
আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰি কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জইছ-ঈ-মহম্মদৰ সৈতে জড়িত জেহাদীসকলক গ্ৰেপ্তাৰ কৰিছে। কেৰালাত গ্ৰেপ্তাৰ কৰা জেহাদী মহম্মদ শ্বেখক গুৱাহাটীলৈ অনা হৈছে। তদুপৰি, বংগত আটক কৰা দুই জেহাদী—মিনাৰুল শ্বেখ আৰু আব্বাছ আলীকো মাজনিশা গুৱাহাটীলৈ অনা হয়।
ইয়াৰ উপৰি, নামনি অসমৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে ৫ জন জেহাদীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা জেহাদীসকল হৈছে ইনামুল হক, নুৰ ইছলাম মণ্ডল, হামিদুল ইছলাম, মজিবুৰ ৰহমান আৰু আব্দুল কৰিম।
এই গ্ৰেপ্তাৰসমূহৰ জৰিয়তে অসমত জেহাদী কার্যকলাপৰ সৈতে জড়িত বৃহৎ চেন মুকলি হোৱাৰ সম্ভাৱনা আছে। আৰক্ষীয়ে এই জেহাদীসকলৰ পৰা সংগঠনৰ অভিযান, আঁচনি আৰু অন্যান্য গুৰুত্বপূর্ণ তথ্য উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যত সন্ত্ৰাসবাদ দমনকাৰ্যক বেছি কঠোৰ কৰি তুলিবলৈ এই সফলতাক গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হৈছে।