তামুলপুৰত পথ সুৰক্ষাৰ বাবে টাস্ক ফ’ৰ্চ গঠন* _বনভোজথলীত দুৰ্ঘটনা ৰোধৰ বাবে জিলা প্ৰশাসনৰ পদক্ষেপ_

Telegram

*তামুলপুৰত পথ সুৰক্ষাৰ বাবে টাস্ক ফ’ৰ্চ গঠন*

_বনভোজথলীত দুৰ্ঘটনা ৰোধৰ বাবে জিলা প্ৰশাসনৰ পদক্ষেপ_

 

*তামুলপুৰ, ১৮ ডিচেম্বৰ, ২০২৪* :

 

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাৰ অধীনত তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ইতিমধ্যে বনভোজ দলসমূহলৈ কিছু নিৰ্দেশনা জাৰি কৰিছিল। বনভোজ দলসমূহ যাতে কোনো পথ দুৰ্ঘটনাত পতিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি “হেড অৱ লীড এজেন্সী অন ৰোড ছেফটী, অসম”ৰ তৰফৰ পৰাও ইতিমধ্যে এছ অ’ পি জাৰি কৰা হৈছে। তদুপলক্ষে জিলাখনৰ ৫টা প্ৰধান বনভোজথলীত ৫টা যুটীয়া টাস্ক ফ’ৰ্চ তথা এনফৰ্চমেণ্ট টীম গঠন কৰা হৈছে। টীমটোত আছে— সহকাৰী আয়ুক্ত, চক্ৰ বিষয়া, আৰক্ষী বিষয়া, পৰিবহণ বিষয়া, আবকাৰী অধীক্ষক আৰু খণ্ড উন্নয়ন বিষয়া। নিৰ্ধাৰিত ৫টা বনভোজথলী হৈছে— বগামাটি এণ্ড গ্ৰাছলেণ্ড পিকনিক স্পট, দেলাইশ্ৰী পিকনিক স্পট (কালানদীৰ পাৰ), গ্ৰীন হিমালয়ান পিকনিক স্পট (নাগাপুৰ), শুক্লাই পাৰ্ক (নাওকাটা) আৰু টংসী (নাগ্ৰীজুলি)। চলিত বৰ্ষৰ ১৬ ডিচেম্বৰৰ পৰা অহা বৰ্ষৰ ৩১ জানুৱাৰীলৈকে বনভোজ তথা উৎসৱৰ সময়ছোৱাত বনভোজ দলসমূহ যাতে কোনো দুৰ্ঘটনাত পতিত নহয় আৰু শৃংখলাবদ্ধভাৱে বনভোজ উপভোগ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ জিলাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে উক্ত টাস্ক ফ’ৰ্চ গঠনত গুৰুত্ব আৰোপ কৰিছে।

  • Related Posts

    তামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত*

    Telegram

    TelegramTweetতামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত। তামুলপুৰ, ১৭ ছেপ্টেম্বৰ, ২০২৫   সমাগত বিটিচি নিৰ্বাচন সুশৃংখল আৰু শান্তিপূৰ্ণভাৱে যাতে সমাপ্ত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে সকলোধৰণৰ ব্যৱস্থা…

    • Current
    • September 17, 2025
    • 11 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *