আজি তামুলপুৰ শিক্ষাখণ্ডৰ উদ্যোগত স্থানীয় উপেন ব্ৰহ্ম মধ্য ইংৰাজী বিদ্যালয় চৌহদত এখনি খণ্ড পৰ্যায়ৰ শিক্ষণ সামগ্ৰী আৰ্হী (FLN TLM) প্ৰদৰ্শনী

Telegram

আজি তামুলপুৰ শিক্ষাখণ্ডৰ উদ্যোগত স্থানীয় উপেন ব্ৰহ্ম মধ্য ইংৰাজী বিদ্যালয় চৌহদত এখনি খণ্ড পৰ্যায়ৰ শিক্ষণ সামগ্ৰী আৰ্হী (FLN TLM) প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায়। এই প্ৰদৰ্শনীত মুঠ 61টা সমল কেন্দ্ৰৰ 150 খন বিদ্যালয় অংশগ্ৰহণ কৰে। প্ৰদৰ্শনীত প্ৰতিটো সমল কেন্দ্ৰৰ দুটাকৈ ক্ৰমে সাংখিকতা আৰু সাক্ষৰতাৰ শ্ৰেষ্ঠ TLM প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত TATA TRUST ৰ কৰ্মকৰ্তা সকলৰ দ্বাৰা কিছু বিশেষ TLM প্ৰস্তুত কৰি বিদ্যালয় বিলাকক প্ৰদৰ্শন কৰা হয়।প্ৰদৰ্শণী খনত শিক্ষক সকলে কন কন ছাত্ৰ ছাত্ৰী সকলক কেনেদৰে আকৰ্ষণীয়, আনন্দদায়ক শিক্ষাদান কৰি শিক্ষাৰ প্ৰতি আগ্ৰহী কৰিব পাৰে তাৰে বিভিন্ন আৰ্হি আৰু আহিলা প্ৰদৰ্শন কৰে ৷

৷ আজিৰ প্ৰদৰ্শণীত অংশ গ্ৰহণ কৰা বিভিন্ন বিদ্যালয়ৰ মাজৰ পৰা আকৰ্ষণীয় আৰু মনোগ্ৰাহী আৰ্হি প্ৰদৰ্শন কৰা ছয় খন বিদ্যালয়ক পৰবৰ্তী জিলা পৰ্যায়ক প্ৰদৰ্শণীত অংশ গ্ৰহনৰ বাবে নিৰ্বাচন কৰা হয় ৷

উক্ত প্ৰদৰ্শনীৰ বিচাৰক মণ্ডলী হিচাপে থাকে ক্ৰমে বাক্সা জিলাৰ শিক্ষা আৰু প্ৰশিক্ষন প্ৰতিষ্ঠানৰ প্ৰবক্তা শ্ৰীমতি সংগীতা দাস,FLN প্ৰশিক্ষনৰ মুখ্য সমল ব্যক্তি শ্ৰী কামেশ্বৰ দৈমাৰী আৰু শ্ৰী ৰঞ্জন দাস । অনুষ্ঠানটো পৰিচালনা কৰে তামুলপুৰ শিক্ষা খণ্ডৰ গাণনিক আশ্ৰাফুল আলমে আৰু সম্পূৰ্ণ অনুষ্ঠানটো সুকলমে আয়োজন কৰে গাণনিক শ্ৰী হেমেন কলিতা আৰু খণ্ড সমল ব্যক্তি দেৱেশ্বৰ ৰাভাই।এনেকুৱা অনুষ্ঠানে শিক্ষাৰ দিশত যোগাত্মক পদক্ষেপ হব বুলি তামুলপুৰৰ বৌদ্ধিক মহলে আশা প্ৰকাশ কৰিছে।

  • Related Posts

    তামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত*

    Telegram

    TelegramTweetতামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত। তামুলপুৰ, ১৭ ছেপ্টেম্বৰ, ২০২৫   সমাগত বিটিচি নিৰ্বাচন সুশৃংখল আৰু শান্তিপূৰ্ণভাৱে যাতে সমাপ্ত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে সকলোধৰণৰ ব্যৱস্থা…

    • Current
    • September 17, 2025
    • 11 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *