অবশেষত ভাল খবৰ লাভ কৰিলে NIOS ত D.El.Ed কৰা প্ৰাৰ্থী সকলে।
তামুলপুৰ, ১৫ ডিচেম্বৰঃ
নিজৰ ডিগ্ৰী বা ডিপ্লমাৰ বাবে উচ্চতম ন্যায়ালয়ত যুজঁ দি দি অবশেষত ন্যায় লাভ কৰিবলৈ সক্ষম হ’ল National Institute of Open Schooling চমূকৈ NIOS ত D.El.Ed কৰা সমগ্ৰ দেশৰ প্ৰায় চৈধ্য লাখ প্ৰাৰ্থীয়ে। উল্লেখ্য যে ২০১৭ চনত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ সকলো শিক্ষকক D.El.Ed কৰিবলৈ এক বাধ্যতামূলক নিৰ্দেশনা প্ৰদান কৰিছিল। একে সময়তে National Institute Of Open Schooling নামৰ সংস্থাটোক কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ ইন-চাৰ্ভিচ শিক্ষক সকলক D.El.Ed কৰাবলৈ দায়িত্ব অৰ্পণ কৰিছিল। এইক্ষেত্ৰত সময়ৰ অভাৱ তথা যিহেতু প্ৰাৰ্থীসকল ইতিমধ্যে অভিজ্ঞতাপুষ্ট ইন-চাৰ্ভিচ শিক্ষক সেইবাবে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ (NCTE)ৰ পৰামৰ্শ মতে দুবছৰৰ কোৰ্চ ১৮ মাহত সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি সেইমতে কোৰ্চটো সম্পূৰ্ণ কৰাইছিল। এইক্ষেত্ৰত ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰা বহু শিক্ষকে ইতিমধ্যে NIOS-ত D.El.Ed কৰি টেট উত্তীৰ্ণ হৈ চৰকাৰী শিক্ষক হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল যদিও উচ্চতম ন্যায়ালয়ে ২০২৩ চনৰ ২৪ নবেম্বৰত ১৮ মাহীয়া D.El.Ed দুবছৰীয়া D.El.Ed ৰ সমতুল্য নহয় তথা প্ৰাথমিক শিক্ষক নিযুক্তি প্রক্ৰিয়াত NIOS-ত D.El.Ed কৰা প্ৰাৰ্থী সকলক আৱেদন কৰিব নোৱাৰিব বুলি এটা ৰায় প্ৰদান কৰিছিল। এইক্ষেত্ৰত NIOS ৰ অধীনত D.El.Ed কৰা প্ৰাৰ্থী সকল মানসিক ভাবে ভাঙি পৰিছিল। কিন্তু তেওঁ লোকে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত পুনৰ এবছৰৰ অন্তত সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা যোৱা ১০ ডিচেম্বৰত ৰিভিউৰ জড়িয়তে ৰায় প্ৰদান কৰিলে যে NIOS ৰ অধীনত D.Ed.Ed কৰা সকলৰ ভিতৰত যিসকলে ১০ আগষ্ট ২০১৭ ৰ আগত ইন-চাৰ্ভিচ তেওঁলোক সদায় ভেলিড আৰু সকলো নিযুক্তি প্ৰক্ৰিয়াত আৰু পদোন্নতিৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰা হব। আৰু এটা বিশেষ কথা মণ কৰিব লগিয়া যে যি তাৰিখত ইনভেলিড কৰিছিল সেই তাৰিখৰ পৰাই তেওঁলোকক ভেলিড বুলি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰে।###