তামুলপুৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ: ত্ৰাহি মধুসূদন সুঁৱৰিছে ৰাইজ।

  • Current
  • December 10, 2024
  • 0 Comments
Telegram

তামুলপুৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ: ত্ৰাহি মধুসূদন সুঁৱৰিছে ৰাইজ

 

তামুলপুৰত বন্যহস্তীৰ উপদ্ৰৱে এক ভয়ানক ৰূপ লৱাৰ খবৰ প্ৰকাশ পাইছে। বন্যপ্ৰাণীয়ে ৩০টাৰো অধিক পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস কৰি এলেকাটোত এক আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে। অঞ্চলটোৰ ৰাইজৰ মাজত গভীৰ চিন্তা আৰু ভয়ৰ সঞ্চাৰ ঘটিছে।

 

বন্যহস্তীৰ দলটোৱে ৰাজহুৱা ঠাই, গাঁও আৰু পৰিসৰত চলাইছে তাণ্ডৱ। বহু পৰিয়ালে নিজৰ ঘৰত ৰাতি নাথাকিবলৈ বাধ্য হৈছে। যিসময়ত সকলো নিস্তব্ধ, সেই সময়তে বন্যহস্তীৰ আক্ৰমণ আৰু ঘৰ ভাঙি চলাইছে লণ্ডভণ্ড।

 

স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে, এই সমস্যাৰ সমাধানৰ বাবে বন বিভাগ আৰু প্ৰশাসনে তৎপৰ ভূমিকা গ্ৰহণ নকৰাত সমস্যাটোৰ সমাধানৰ আশা ক্ষীণ হৈ পৰিছে। তেওঁলোকে বন বিভাগক তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

 

অঞ্চলটোৰ ৰাইজ এতিয়া দিন-ৰাতি ভয় আৰু শংকাৰ মাজত জীৱন কটাবলৈ বাধ্য হৈছে। তেওঁলোকে এতিয়া চাওঁ চাইছে বন বিভাগ আৰু চৰকাৰৰ সক্ৰিয় পদক্ষেপ।

 

ইতিমধ্যে অঞ্চলটোৰ বহু ধনসম্পদৰ ক্ষতি হোৱাৰ লগতে ৰাইজৰ মানসিক শান্তি বিনষ্ট হৈছে। এই বিপদজনক পৰিস্থিতিৰ সঠিক সমাধান নোহোৱালৈকে তামুলপুৰৰ ৰাইজৰ জীৱন নৰকৰ দৰে হৈ ৰ’ব।

  • Related Posts

    • Current
    • September 16, 2025
    • 4 views
    • 1 minute Read
    তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

    Telegram

    TelegramTweet*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ, ২০২৫* :     আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি…

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *