
তামুলপুৰত পলিঅ’ উপ- ৰাষ্ট্ৰীয় টীকাকৰণ দিবসৰ শুভাৰম্ভ ৷
তামুলপুৰঃ ৮ডিচেম্বৰঃ
তামুলপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ঝাৰগাওঁ আয়ুস্মান আৰুগ্য মন্দিৰত পলিঅ’ উপ- ৰাষ্ট্ৰীয় টীকাকৰণ দিবস আনুস্থানিকভাবে শুভাৰম্ভণি কৰে জিলা আয়ুক্ত পঙ্কজ চক্ৰবতীয়ে। আজিৰে পৰা তিনিদিনীয়া কাৰ্যসুচীৰে আৰম্ভ হোৱা এই পলিঅ’ প্ৰতিশেধক প্ৰদানত সমুহ স্বাস্থ্য কৰ্মী সম্পূৰ্ণ সহযোগিতা জিলা আয়ুক্ত গৰাকীয়ে কামনা কৰিচে। জিলাখনত এটিও শিশু যাতে বাদ পৰি যাব নোৱাৰে তাৰবাবে তেওঁ গাওঁ ভিত্তিক আৰু পলিঅ’ বুথ পৰ্যায়ৰ শিশুৰ চিনাক্তকৰণ তালিকা পৰ্যাবেশন কৰে।তামুলপুৰ জিলাৰ ৰাষ্টীয় স্বাস্থ্য অভিযানৰ জিলা আচনি বিষয়া শ্রী প্ৰশান্ত কুমাৰ দত্তই অনুস্থানত উপস্থিত থাকি জানিবলৈ দিয়ে যে – এই কাৰ্যসূচীত সমগ্ৰ জিলাখনত মুঠ ৫৫,১৭৮ টি শিশুক সামৰি লোৱা হৈছে। সেই অনুপাতে ২৫৫ টা পলিঅ’ বুথ, ১৪ টি স্বাস্থ্যকেন্দ্ৰ, ৩৪ টা ভিতৰুৱা ঠাইকে ধৰি মুঠ ৩০৮ টা কেন্দ্ৰ স্থাপন কৰা হৈছে।