বাংলাদেশৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত চলি থকা নিৰ্মম অত্যাচাৰৰ ঘটনাক ‘চুফীবাদ উন্নয়ন পৰিষদ, অসম’ৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা।

  • Current
  • December 8, 2024
  • 0 Comments
Telegram

বাংলাদেশৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত চলি থকা নিৰ্মম অত্যাচাৰৰ ঘটনাক ‘চুফীবাদ উন্নয়ন পৰিষদ, অসম’ৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা দিয়া হৈছে। লগতে এই অত্যাচাৰ অতি শীঘ্ৰে বন্ধ কৰাৰ দাবী জনালো। শান্তিৰ ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ দৰে ব্যক্তিৰ শাসনত থকা বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত চলি থকা বৰ্বৰ অত্যাচাৰৰ ঘটনাক সমুদায়ে ধিক্কাৰ দিয়াটো প্রণিধানযোগ্য। শান্তিৰ ওপৰত প্ৰতিষ্ঠিত ইছলাম ধৰ্মই আনৰ অনিষ্ট সাধন কৰা অথবা প্রতিবেশী তথা ওচৰ-চুবুৰীয়াক হিংসা কৰাৰ বিৰত থাকি সুখ-দুখৰ সমভাগী হোৱাতহে গুৰুত্ব আৰোপ কৰিছে। তেনে ক্ষেত্রত সংখ্যাগুৰু ইছলাম ধর্মীয় লোকৰ দ্বাৰা শাসিত বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ-উৎপীড়ন কৰাটো সম্পূৰ্ণভাৱে ইছলামৰ পৰিপন্থী। পৱিত্ৰ ইছলাম ধর্মই কেতিয়াও আনৰ অনিষ্ট কৰাটোত সন্মতি দিয়া নাই। নিজৰ ধৰ্মটো যিমানেই আদৰৰ, আনৰ ধৰ্মকো সিমানেই সম্মান জনোৱা উচিত বুলি ইছলাম ধর্মই কয়। বাংলাদেশত কেৱল সংখ্যালঘুৱেই নহয়, তাৰ সমান্তৰালভাৱে নাৰীও সুৰক্ষিত নহয়। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ ছল্লুল্লাহুচ্ছালামে পৃথিৱীৰ নাৰী জাতিক সুৰক্ষা আৰু সন্মানত প্রাধান্য দিছিল আৰু তেনে এক বিশ্বখ্যাত ধৰ্মৰ আধাৰত পৰিচালিত বাংলাদেশৰ শাসনতন্ত্রই নিজৰ দেশখনৰেই সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ-উৎপীড়ন চলাই ইছলাম ধর্মটোকে কলুষিত কৰিছে। সেয়েহে আমি ‘চুফীবাদ উন্নয়ন পৰিষদ, অসম’ৰ তৰফৰ পৰা এনে অত্যাচাৰ-উৎপীড়নক কঠোৰ ভাষাৰে ধিক্কাৰ দিয়াৰ লগতে মহম্মদ ইউনুছক প্রদান কৰা বঁটাটো ঘূৰাইল ‘বলৈ ন’বেল বঁটা প্রদানকাৰী বিশ্ব সংস্থাটোক দাবী জনাইছো। ইয়াৰ উপৰি যিখন দেশৰ স্বাধীনতাৰ বাবে আমাৰ দেশ ভাৰতবৰ্ষই অশেষ ত্যাগ স্বীকাৰ কৰিছিল, তেনে এখন দেশে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাখন ভৰিৰে মোহাৰি অপমান কৰাটো কোনোপধ্যে সহ্য কৰিব নোৱাৰা ঘটনা। সেয়ে তেনে এখন দেশ বাংলাদেশৰ সৈতে ৰাজনৈতিক, বাণিজ্যিক, কূটনৈতিক আদি সকলো সম্পর্ক ছেদ কৰাৰ লগতে উচিত শিক্ষা দিবলৈ ভাৰত চৰকাৰক জনালো।

 

আজি দিশপুৰ প্ৰেছ ক্লাবত আয়োজিত ‘চুফীবাদ উন্নয়ন পৰিষদ, সংবাদ মেলত উপস্থিত থাকে পৰিষদৰ উপদেষ্টা মজাহাৰ আলম, সভাপতি হাফিজুল আলী, যুটীয়া সম্পাদক মইনুল হক, কেন্দ্রীয় সদস্য আলহাজ বদিৰদ আলী, মকিব আলী আৰু ছাহাৰ আলী।

 

  • Related Posts

    • Current
    • September 16, 2025
    • 4 views
    • 1 minute Read
    তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

    Telegram

    TelegramTweet*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ, ২০২৫* :     আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি…

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *