গোৰেশ্বৰত বি জে পি নেতৃত্বাধীন চৰকাৰে য’তে হাত দিছে তাতেই ধবংস হৈছে*

Telegram

গোৰেশ্বৰত বি জে পি নেতৃত্বাধীন চৰকাৰে য’তে হাত দিছে তাতেই ধবংস হৈছে।

 

গোৰেশ্বৰ-৮ডিচেম্বৰঃ

 

গোৰেশ্বৰত চিপি আই (এম)ৰ প্ৰথম তামুলপুৰ জিলা সন্মিলন

 

কলাগুৰু বিষ্ণুৰাভা ভৱন প্ৰাঙ্গণত দুদিনীয়াহকাৰ্যসুচীৰে অনুষ্ঠিত হয় সন্মিলনৰ

 

সন্মিলনৰ লগত সংগতি ৰাখি এখনি মুকলি সভা অনুষ্ঠিত হয়

 

CPIMৰ নেতা কৰুণা ভূঞাই সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, সম্পাদকমণ্ডলীৰ সদস্য নিৰংকুশ নাথ, অজিত দাস, টিকেন দাস আৰু প্ৰাক্তন সাংসদ-বিধায়ক উদ্ধৱ বৰ্মণ আৰু বিশিষ্ট কবি- সাহিত্যিক অজিত তালুকদাৰকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে ।

 

সভাত প্ৰাক্তন সাংসদ তথা চি পি আই (এম)ৰ বৰ্ষীয়ান নেতা উৰ্দ্ধৱ বৰ্মনে কয় *বি জে পি নেতৃত্বাধীন চৰকাৰে য’তে হাত দিছে তাতেই ধবংস হৈছে*

*বি জি পি চৰকাৰখন ধনী মানুহৰ বাবে থকা চৰকাৰ* । ধনী মানুহে দোষ কৰিলে মাফ হয়* । *গতিকে বি জে পিক ওভৰাবলৈ সকলোক ঐক্যবদ্ধ হ’ব লাগিব*

 

ইপিনে ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰেও কয় *বি জে পি নেতৃত্বাধীন চৰকাৰে প্ৰতিবাদী ৰাইজৰ ভাষা বুজি নেপায়*

*বি জে পি নেতৃত্বাধীন চৰকাৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৰীৱ দুখীয়া মেহনতি মানুহৰ জলন্ত সমস্যা গাপ দি ৰখাৰ অভিপ্ৰায়ৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আহিছে* ৷ এইবাৰ আকৌ *গো মাংস নিষিদ্ধকৰণত লাগিছে* । *গো মাংস নিষিদ্ধ কৰিলে মুছুলমান মানুহৰ লোকচান নহয়* । *বেছি লোকচান হ’ব হিন্দু মানুহ* । এইখন চৰকাৰৰ মানুহৰ কাৰণে কৰিব লগীয়া যেন একো নাই । *খাদ্যৰ ওপৰত লাগিছে* ব্যক্ত কৰে ৷

 

 

#প্ৰকৃত উন্নয়ন ঢাকিবলৈ গো-মাংসৰ ৰাজনীতিত ধৰিছে বিজেপি চৰকাৰে#

 

#গোৰেশ্বৰত চিপিআই(এম) ৰ নেতা সুপ্ৰকাশ তালুকদাৰৰ মন্তব্য#

 

ৰাজ্যৰ প্ৰকৃত উন্নয়নত কৰাত বিজেপি চৰকাৰ ব্যৰ্থ হৈছে। সেয়েহে এতিয়া গো-মাংসৰ ৰাজনীতিত ধৰিছে বিজেপি চৰকাৰে। ভাত -কাপোৰৰ বাবে বিজেপিয়ে কোনো কাম কৰিব নোৱাৰি এতিয়া গো-মাংসৰ ৰাজনীতি কৰি মানুহকক ভাগ ভাগ কৰাৰ বাবে উঠিপৰি লাগিছে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।- এই ব্যক্তব্য চি পি আই (এম)দলৰ ৰাজ্যিক সমিতিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ ৷ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে তামুলপুৰ জিলাৰ গোৰেশ্বৰত আৰম্ভ হোৱা চি পি আই (এম)ৰ তামুলপুৰ জিলা সমিতিৰ প্ৰথম জিলা সন্মিলন উপলক্ষে আবেলি গোৰেশ্বৰস্থ কলাগুৰু বিষ্ণু ৰাভা ভৱনৰ প্ৰাংগণত অনুষ্ঠিত মুকলি সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি সাংবাদিকৰে হোৱা আচুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে তালুকদাৰে। প্ৰায় ৭শতাধিকলোকৰ উপস্থিতিত কৃষক নেতা কৰুণা ভূঞাৰ পৰিচালনাত অনুষ্ঠিত হয় মুকলি সভা।

জিলা সম্পাদক বাপুৰাম বড়োৱে আঁতধৰা সভাত চি পি আই (এম)ৰ সম্পাদক মণ্ডলীৰ সদস্য নিৰংকুশ নাথে কয়- ৰাজ্য আৰু দেশৰ উন্নতিৰ বিচাৰিলে ৰক্ত পতাকা হাত ল’ব লাগিব । ৰাজনীতি যদি হব লাগে সাধাৰণ মানুহকলৈ হ’ব লাগে ৷ বিজেপি আম্বানী আদানিৰ দল । আজি ভাৰতবৰ্ষৰ উন্নত ৰাজ্যত চি পি আই(এম )ৰ নেতৃত্বাধীন চৰকাৰৰ শাসন চলি আছে ৷ আন এগৰাকী বক্তা তামুলপুৰ জিলাৰ তত্বাবধায়ক টিকেন দাসে কয় -ডাৱল ইঞ্জিনৰ চৰকাৰৰ দিনত অত্যাধিক মূল্যবৃদ্ধি হৈছে । অভ্যৰ্থনা সমিতিৰ সভাপতি অজিত তালুকদাৰে আদৰণি ভাষণ দিয়া সভাত চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য অজিত দাসে কয়- ফ্লাই অভাৰ -ৰাস্তা ঘাট বনাই অসমখন উন্নতি হোৱা বুলি দাবী কৰিছে অসম চৰকাৰে ৷ কিন্তু মানুহৰ কোনো উন্নয়ণ হোৱা নাই৷ মুকলি সভাত উপস্থিত থাকি প্ৰাক্তন সাংসদ তথা চি পি আই (এম)ৰ বৰ্ষীয়ান নেতা উৰ্দ্ধৱ চমুকৈ দিয়া ভাষণত বি জে পি নেতৃত্বাধীন চৰকাৰে য’তে হাত দিছে তাতেই ধবংস হৈছে বুলি উল্লেখ কৰি কয় -বি জি পি চৰকাৰখন ধনী মানুহৰ বাবে থকা চৰকাৰ । ধনী মানুহে দোষ কৰিলে মাফ হয় ।

দুপৰীয়া ১২বজাত প্ৰাক্তন সাংসদ উৰ্দ্বৱ বৰ্মনে ৰক্ত পতাকা উত্তোলনৰে সন্মিলনৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিচতেই ছহিদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰে চি পি আই (এম্)ৰ ৰাজ্যিক সমিতিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰ আদিকে ধৰি দলীয় নেতা কৰ্মীয়ে ৷ সন্ধিয়া ৫বজাত প্ৰায় ডেৰশতাধিক প্ৰতিনিধিৰ উপস্থিতিত বিষয় বাচনি সভা অনুষ্ঠিত হয় ৷

  • Related Posts

    নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :

    Telegram

    TelegramTweetনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা : তামুলপুৰ , ১৬ ছেপ্টেম্বৰ : অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হব…

    গোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণ

    Telegram

    TelegramTweetগোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণ গোৰেশ্বৰ, ১৫ ছেপ্টেম্বৰঃ   বিটিআৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্কালে গোৰেশ্বৰত অনুষ্ঠিত ব্লক কংগ্ৰেছৰ নিৰ্বাচনী সভাত আজিৰ দিনটোত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *