উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা নৱেম্বৰ ২০২৪ মাহত ১০৩২ খন মালবাহী ৰেলৰ ৰেক আনলোডিং

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা নৱেম্বৰ ২০২৪ মাহত ১০৩২ খন মালবাহী ৰেলৰ ৰেক আনলোডিং

 

মালিগাঁও, ০৭ ডিচেম্বৰ, ২০২৪:

 

উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰৰ অধীনৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিটো স্থানত সামগ্ৰী যোগান ধৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখি নৱেম্বৰৰ, ২০২৪ মাহৰ সময়চোৱাত ১০৩২ খন মালবাহী ৰেলৰ ৰেক আনলোড কৰে। উত্তৰ পূব সীমান্ত ৰেলৱেই উক্ত মাহটোত এফচিআই চাউল, চেনী, নিমখ, খোৱা তেল, খাদ্যশস্য, সাৰ, চিমেণ্ট, কয়লা, পাঁচলি, অটো, টেংক আৰু অন্যান্য সামগ্ৰী পৰিবহন কৰিছে আৰু সেইসমূহ ইয়াৰ অধিক্ষেত্ৰৰ অন্তৰ্গত বিভিন্ন গুডচ শ্বেডত আনলোড কৰে।

 

নৱেম্বৰ, ২০২৪ মাহত, অসমত মুঠ ৫৮৩ খন মালবাহী ৰেলৰ ৰেক আনলোড কৰা হয় যাৰ ভিতৰত ২৮৬ খন অত্যাৱশ্যকীয় সামগ্ৰীৰে লোড কৰা হৈছিল। ত্ৰিপুৰাত ৫৫ খন, নাগালেণ্ডত ১০ খন, অৰুণাচল প্ৰদেশত ১০ খন আৰু মিজোৰামত ০৭ খন ৰেক উক্ত মাহটোত আনলোড কৰা হয়। তদুপৰি, ২০২৪ বৰ্ষৰ নৱেম্বৰ মাহৰ সময়চোৱাত উত্তৰ পূব সীমান্ত ৰেলৱে অধিক্ষেত্ৰৰ অন্তৰ্গত পশ্চিম বংগত ১৯৭ খন মালবাহী ৰেলৰ ৰেক আৰু বিহাৰত ১৭০ খন মালবাহী ৰেলৰ ৰেক আনলোড কৰা হয়।

 

গুৰুত্বপূৰ্ণ খণ্ডসমূহত দ্ৰুতগতিত দ্বৈত ৰেলপথৰ কাম সম্পাদন কৰা, উন্নত টাৰ্মিনেল সঞ্চালন সুবিধাৰ পৰিণামস্বৰূপে মালবাহী ৰেলৰ অন্তৰ্মূখী আৰু বহির্গামী পৰিবহন বৃদ্ধি পাইছে। সকলো স্তৰত নিৰন্তৰ নিৰীক্ষণৰ ফলত টাৰ্ণ এৰাউণ্ড সময় হ্ৰাস পাইছে আৰু আনলোডিঙৰ দক্ষতাও বৃদ্ধি হৈছে। ইয়াৰ ফলত মালবাহী ৰেলৰ আনলোডিং বৃদ্ধি হোৱাৰ উপৰিও অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ চলাচলো বৃদ্ধি হৈছে।

  • Related Posts

    • Current
    • September 12, 2025
    • 3 views
    • 1 minute Read
    ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

    Telegram

    TelegramTweetডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু   ডিগবৈৰ নাজিৰাটিং তামুলী বন গাঁৱত আজি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গাঁৱখনৰ বাসিন্দা মতেশ্বৰ মৰাণ নামৰ এজন ব্যক্তিৰ মৃত্যু হয় বনৰীয়া হাতীৰ আক্ৰমণত।  …

    • Current
    • September 12, 2025
    • 5 views
    • 1 minute Read
    চামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান

    Telegram

    TelegramTweetচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান   চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছ দলে বৰ্তমান গোপন রাজনৈতিক তৎপৰতাত মগ্ন। কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থী হিচাপে আগবঢ়োৱা কথাতেই তীব্ৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *