কৱচ ৪.০ – ভাৰতীয় ৰেলৱেৰ এক অত্যাধুনিক সুৰক্ষা প্ৰযুক্তি প্ৰণালী

Telegram

কৱচ ৪.০ – ভাৰতীয় ৰেলৱেৰ এক অত্যাধুনিক সুৰক্ষা প্ৰযুক্তি প্ৰণালী

উন্নততৰ উপকৰণ আৰু প্ৰযুক্তিগত উপাদানৰ একত্ৰীকৰণ হৈছে ইয়াৰ বৈশিষ্ট্য

 

 

মালিগাঁও, ০৪ নৱেম্বৰ, ২০২৪:

 

ভাৰতীয় ৰে’লৱেই ইয়াৰ নেটৱৰ্কত ৰে’ল পৰিচালন উন্নত কৰাৰ বাবে প্ৰস্তুত কৰা এক অত্যাধুনিক স্বদেশী সুৰক্ষা প্ৰযুক্তি প্ৰণালী কৱচ ৪.০-ৰ সফল ৰূপায়ণ কৰাৰ দিশত আগবাঢ়িছে। কৱচ ৪.০ হৈছে দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ অৰ্থে আৰু ৰে’লৰ সুগম পৰিচালন নিশ্চিত কৰাৰ বাবে সুৰক্ষা আৰু নিয়ন্ত্ৰণৰ এক অতিৰিক্ত স্তৰ প্ৰদান কৰা ভাৰতীয় ৰে’লৱেৰ দ্বাৰা বিকশিত এক বৰ্ধিত ব্যাপক, প্ৰযুক্তি-চালিত প্ৰণালী। যদি লোকো পাইলটে ব্ৰেক প্ৰয়োগ কৰাত বিফল হয় তেন্তে এই প্ৰণালীয়ে স্বয়ংক্ৰিয়ভাৱে ব্ৰেক প্ৰয়োগ কৰিবলৈ সক্ষম হব, কিয়নো ই চালকৰ কেবত ৰিয়েল-টাইম লাইন-চাইড চিগনেল প্ৰদৰ্শন কৰে আৰু ৰেডিঅ’-আধাৰিত যোগাযোগৰ জৰিয়তে অবিৰতভাৱে পৰিচালন কৰ্তৃপক্ষক আপডেট প্ৰদান কৰে। অন্যান্য মুখ্য বিশেষত্বসমূহৰ ভিতৰত আছে লেভেল ক্ৰছিং গেটত স্বয়ংক্ৰিয় হুইশ্লিং, সংঘৰ্ষ প্ৰতিহত কৰিবলৈ ইঞ্জিনৰ পৰা ইঞ্জিনলৈ পোনপটীয়া যোগাযোগ প্ৰদান আৰু জৰুৰীকালীন পৰিস্থিতিৰ ক্ষেত্ৰত কৰ্তৃপক্ষক সতৰ্ক কৰাৰ বাবে এছওএছৰ কাৰ্যকৰীকৰণ।

 

কৱচ ৪.০ প্ৰণালীটো কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰযুক্তিগত উপকৰণেৰে নিৰ্মাণ কৰা হৈছে, যিসমূহৰ ভিতৰত আছে ষ্টেচন কৱচ, যি ৰেল ইঞ্জিনক নিৰ্দেশনা দিবলৈ লোকো কৱচ আৰু চিগনেলিং প্ৰণালীৰ পৰা তথ্য প্ৰাপ্ত কৰে আৰু আৰএফআইডি টেগ, যিসমূহ ৰেলখনৰ অৱস্থান আৰু দিশ নিৰীক্ষণ কৰিবলৈ নিয়মীয়া ব্যৱধানত ট্ৰেকৰ কাষত আৰু চিগনেল পইণ্টত স্থাপন কৰা হয়। যোগাযোগৰ এক মেৰুদণ্ডস্বৰূপ, যি ট্ৰেকৰ কাষত অপ্টিকেল ফাইবাৰ কেবল আৰু যোগাযোগ টাৱাৰেৰে গঠিত, যি লোকোমোটিভ আৰু ষ্টেচনৰ মাজত তথ্যৰ এক নিৰৱচ্ছিন্ন আদান-প্ৰদান নিশ্চিত কৰে। ইয়াৰ উপৰিও, ড্ৰাইভাৰ মেচিন ইণ্টাৰফেচে (ডিএমআই) লোকো পাইলটসকলক তাৎক্ষণিকভাৱে সিদ্ধান্ত লোৱাৰ বাবে পোনপটীয়াকৈ কেবৰ ভিতৰত চিগনেলৰ বিভিন্ন দিশ আৰু পৰিচালন কৰ্তৃত্বৰ দৰে অত্যাৱশ্যকীয় তথ্য প্ৰদান কৰে।

 

প্ৰণালীটোত ৰিলে-আধাৰিত ইণ্টাৰলকিং, চিগনেল যোগাযোগৰ বাবে ইউএইচএফ ৰেডিঅ’, সঠিক অৱস্থান ট্ৰেকিংৰ বাবে আৰএফআইডি, সুৰক্ষিত যোগাযোগৰ বাবে জিএছএম, আৰু সঠিক সময় সমন্বয়ৰ বাবে জিপিএছ আদিৰ দৰে উন্নত প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা হৈছে। আধুনিক প্ৰযুক্তিৰ এই একত্ৰীকৰণে ৰে’লৱেৰ সুৰক্ষা আৰু দক্ষতা বৃদ্ধিৰ বাবে অত্যাধুনিক প্ৰণালী গ্ৰহণ কৰাৰ সমৰ্পণকেই প্ৰতিফলিত কৰিছে।

 

ভাৰতীয় ৰেলৱেৰ দ্বাৰা ১০,০০০ ৰেল ইঞ্জিনত কৱচ ৪.০ ৰূপায়ণ কৰাটো ইয়াৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ আৰু সুৰক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে এক বিস্তৃত পদক্ষেপ। কৱচ ৪.০ ৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰি, যোগাযোগ প্ৰণালীয়ে সুগম কাৰ্যকলাপ নিশ্চিত কৰাৰ লগতে, মানৱীয় ত্ৰুটি হ্ৰাস কৰিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে দুৰ্ঘটনা প্ৰতিৰোধ কৰিব। সেয়েহে, এই পদক্ষেপ আমাৰ ৰে’ল যাত্ৰীসকলৰ বাবে এক সুৰক্ষিত যাত্ৰাৰ পৰিৱেশ প্ৰদান কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ প্ৰয়াস। যিহেতু ভাৰতীয় ৰেল নেটৱৰ্কৰ মুখ্য ৰেলপথসমূহত ইতিমধ্যে কৱচ প্ৰণালী স্থাপন কৰা হৈছে, সেয়েহে বিদ্যমান প্ৰণালীসমূহক অত্যাধুনিক ৪.০ প্ৰণালী আৰু পাইলট প্ৰকল্পৰ আধাৰত পুনৰ ৰূপান্তৰিত কৰা হৈ আছে। উত্তৰ পূব সীমান্ত ৰেলৱে দেশৰ ৰে’ল সংযোগ ব্যৱস্থাৰ এক অংশ হোৱাৰ পৰিপ্ৰেক্ষিতত, ই শীঘ্ৰেই এই অত্যাধনিক প্ৰযুক্তিগত ব্যৱস্থাক একত্ৰিত কৰিব; যিয়ে ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত সুৰক্ষিত, অধিক নিৰ্ভৰযোগ্য আৰু দক্ষ ৰে’ল সেৱা প্ৰদান কৰিব।

  • Related Posts

    Swachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission

    Telegram

    TelegramTweetSwachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission   Maligaon, 09th August, 2025:   In line with Indian Railways nationwide Swachhata Campaign launched in connection with…

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন 

    Telegram

    TelegramTweetউত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন    মালিগাঁও, ৩ আগষ্ট, ২০২৫: উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীৱাস্তৱে ৩০ জুলাই ২০২৫ তাৰিখে মালিগাঁওৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *