উত্তৰ পূব সীমান্ত ৰেলৱেৰ ০৬ টা ৰেল ইঞ্জিনত পানীবিহীন ইউৰিনেল প্ৰযুক্তি স্থাপন।

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ ০৬ টা ৰেল ইঞ্জিনত পানীবিহীন ইউৰিনেল প্ৰযুক্তি স্থাপন।

 

 

মালিগাওঁ, ০৪ ডিচেম্বৰ, ২০২৪:

 

লোকো পাইলটসকলৰ কৰ্ম অৱস্থা আৰু অধিক উন্নত কৰাৰ বাবে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ৬ (ছয়টা) ডব্লিউএজি-৯ এইচচি শ্ৰেণীৰ ৰেল ইঞ্জিনত উদ্ভাৱনীমূলক পানীবিহীন ইউৰিনেল স্থাপন কৰি এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপে লোকো পাইলটসকলৰ কৰ্মক্ষেত্ৰ আৰু অধিক সুবিধাজনক কৰি তুলিব। প্ৰাৰম্ভিকভাৱে, মালদা টাউনৰ (এমএলডিটি) বৈদ্যুতিক লোকো শ্বেডে সম্পদ সংৰক্ষণ, সা-সুবিধা আৰু ৰেল পৰিচালন সুৰক্ষা বৃদ্ধি কৰাৰ বাবে পানীবিহীন ইউৰিনেল স্থাপন কৰিছে। পূৰ্বে প্ৰায়ে ৭-৮ ঘণ্টা ধৰি অবিৰতভাৱে কাম কৰা মালগাড়ী লোকোপাইলটসকলৰ বাবে ইঞ্জিনৰ ভিতৰত শৌচাগাৰৰ কোনোধৰণৰ ব্যৱস্থা নাছিল। ইয়াৰ ফলত তেওঁলোকে অনিৰ্ধাৰিত ষ্টপেজৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছিল, যাৰ ফলত ৰেলৰ সুৰক্ষিত পৰিচালন আৰু সময়ানুৱৰ্তীতাৰ ওপৰত প্ৰভাৱ পৰিছিল।

 

পানীবিহীন ইউৰিনেলত এক শুষ্ক প্ৰণালী আছে যিয়ে পানীৰ প্ৰয়োজনীয়তা নাইকীয়া কৰে, পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ লগতে দূৰ্গন্ধ প্ৰতিৰোধ কৰে। এইবোৰত কেইবাটাও উন্নত বৈশিষ্ট্য আছে, যাৰ ভিতৰত আছে ষ্টেইনলেছ ষ্টীল তাঁৰৰ জাল, এটা পাৰফিউম ডিচপেন্সাৰ আৰু ইউৰিনেল মেটৰ সৈতে সংলগ্ন এক ইপক্সি-কোটেড গোন্ধহীন ইউনিচেক্স ডিজাইন। প্ৰস্ৰাৱগাৰসমূহত স্থানৰ ওপৰত ভিত্তি কৰি স্বয়ংক্ৰিয় এলইডি লাইট, এক্সজষ্ট ফেন চলোৱাৰ বাবে এক মাইক্ৰ’কণ্ট্ৰোলাৰ-আধাৰিত প্ৰণালী, অটো-চেন্সৰ-ভিত্তিক হেণ্ড চেনিটাইজাৰ আৰু এটা ইউভি-নিয়ন্ত্ৰিত বীজাণুনাশক প্ৰণালী আছে। এই প্ৰণালীৰ এটা মুখ্য সুৰক্ষামূলক বৈশিষ্ট্য হৈছে যে প্ৰস্ৰাৱগাৰসমূহ কেৱল তেতিয়াহে ব্যৱহাৰ কৰিব পাৰি যেতিয়া ৰেলখন ৰৈ থাকে আৰু লোকোমোটিভ ব্ৰেক প্ৰয়োগ কৰা হয়, যাৰ ফলত ৰেল পৰিচালনৰ সময়ত উচ্চ স্তৰীয় সুৰক্ষা নিশ্চিত হয়। ইয়াৰ ফলত সাম্ভাব্য যিকোনো দুৰ্ঘটনা প্ৰতিৰোধ হয়।

 

অনাগত সময়ত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালদা টাউন লোকো শ্বেডৰ অধীনত ৫০ টা ৰেল ইঞ্জিনত পৰ্যায়ক্ৰমে এই সুবিধাসমূহ স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে। এই অগ্ৰগতিয়ে কেৱল লোকো পাইলটসকলৰ দীঘলীয়া কৰ্তব্যৰ সময়ত সা-সুবিধা আৰু আৰাম বৃদ্ধি নকৰে, আনহাতে পানীৰ ব্যৱহাৰ আৰু ৰক্ষণাবেক্ষণ ব্যয় হ্ৰাস কৰি স্থিতিশীল প্ৰচেষ্টাত অৰিহণা যোগাব। ইয়াৰ দ্বাৰা ৰে’ল ব্যৱস্থাত সেউজ পদক্ষেপৰ ক্ষেত্ৰতো এক উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে।

  • Related Posts

    মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন 

    Telegram

    TelegramTweetমাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন  মালিগাওঁ, ১৪ ছেপ্টেম্বৰ, ২০২৫:   প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰত বিহাৰ…

    প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপন

    Telegram

    TelegramTweetপ্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপন মিজোরামের জনগণের জন্য ঐতিহাসিক দিন, আইজল ভারতের রেল মানচিত্রের সাথে সংযুক্ত হচ্ছে মালিগাঁও,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *