গোৰেশ্বৰত কাঠৰ দলংত নিশা অগ্নি সংযোগ দূৰ্বৃত্তৰ

Telegram

গোৰেশ্বৰত কাঠৰ দলংত নিশা অগ্নি সংযোগ দূৰ্বৃত্তৰ

 

গোৰেশ্বৰ, ৩০ নৱেম্বৰঃ গোৰেশ্বৰৰ নিজঝাৰগাওঁৰ এটি কাঠৰ দলংত নিশা দূৰ্বিত্তই অগ্নি সংযোগ কৰিছে। দলংখন নাওকাটা নিজঝাৰগাওঁৰ জৰিয়তে তামুলপুৰক সংযোগ কৰা শুকাই নৈৰ ওপৰত অৱস্থিত।

 

শুক্ৰবাৰে নিশা এই ঘটনা সংঘটিত হয়। শুৱাগপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখযোগ্য যে দলংখন বানৰ সময়ত গৰাখহনীয়াৰ বাবে বহুদিন ধৰি পৰিত্যক্ত অৱস্থাত আছিল।

 

স্থানীয় ৰাইজৰ মতে, কোনো অচিনাক্ত ব্যক্তি বা গোটে দলংখনত পেট্ৰল ঢালি জুই লগাই দিয়ে। এই কাৰ্যক সম্পূৰ্ণ ৰূপে দূৰ্বিত্তৰ কৃত্য বুলি সন্দেহ কৰা হৈছে।

 

দলংখনৰ প্ৰাথমিক অৱস্থা আৰু ক্ষয়ক্ষতিৰ পৰিমাণ প্ৰকৃতভাৱে জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। স্থানীয় ৰাইজৰ মাজত এই ঘটনাই সুৰক্ষাৰ ক্ষেত্ৰত উদ্বেগ সৃষ্টি কৰিছে।

 

  • Related Posts

    তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*

    Telegram

    TelegramTweet*তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*   *তামুলপুৰ, ২০ জুন, ২০২৫* :   অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত…

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *