ভাৰত-ভুটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ: অভয়াপুৰত কেবাটাও ঘৰ লণ্ড ভণ্ড ।

Telegram

ভাৰত-ভুটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ: অভয়াপুৰত কেবাটাও ঘৰ লণ্ড ভণ্ড ।

 

তামুলপুৰ, ২৮ নৱেম্বৰ।

 

তামুলপুৰ জিলাৰ কুমাৰীকাটা বন সংমণ্ডলৰ অধিনৰ অভয়াপুৰ গাওঁত বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা অকলশৰীয়া প্ৰকাণ্ড হাতী এটাই খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৈ ওলাই আহি যোৱা কালি নিশা উপদ্ৰৱ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰে ৷ জানিব পৰা মতে যোৱা কালি নিশা ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয় অধীনস্থ অভয়াপুৰত হাতীৰ জাকটোৰ পৰা ফালৰি কাটি অহা এটা অকলশৰীয়া হাতীয়ে নিৰানন্দ মণ্ডল আৰু চতেন বিশ্বাস নামৰ দুটা পৰিয়ালৰ ঘুৰ দুৱাৰ ভাঙি চিঙি লণ্ড ভণ্ড কৰে ।

হাতীৰ আক্ৰমণত পৰিয়াল দুটাৰ লোক সকল কোনোমতে ৰক্ষা পৰে। উল্লেখ্য যে বন্যহস্তীৰ জাকে কেইবামাহ ধৰি তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ, চেচাপানী, খৈৰাণী, কাৰখেলা, অভয়পুৰ, দেৱীনগৰ, মাৰিয়াম আদি অঞ্চলত তাণ্ডৱ চলাই আহিছে। বন্যহস্তীৰ তাণ্ডবৰ ফলত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে সীমান্তৱৰ্তী ৰাইজে।

  • Related Posts

    • Current
    • September 14, 2025
    • 4 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *