বন্দে পুৰুষোত্তমম ধনীৰে মুখৰিত হল তামুলপুৰৰ কাউলী।

Telegram

বন্দে পুৰুষোত্তমম ধনীৰে মুখৰিত হল তামুলপুৰৰ কাউলী।

তামুলপুৰ জিলাৰ কাউলীৰ সৎসঙ্গ কেন্দ্ৰত ৰবিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় পৰম পূজ্যপাদ শ্ৰী শ্ৰী বড়দাৰ ১১৪ তম জন্ম মহোৎসৱ।কাৰ্যসূচী মতে, পুৱা উষা কীৰ্তন,প্ৰাতঃ কালীন প্ৰাৰ্থনা, ৯ বজাত সমবেত প্ৰাৰ্থনা, অমীয় পাঠৰ লগতে ১০ বজাত ভোগ নিবেদনৰ লগতে ১২ বজাৰ পৰা আৰম্ভ হব ভজন অনুষ্ঠান ও ধৰ্মীয় আলোচনা সভা।দিনজোৰা বিস্তৃত কাৰ্যসূচী মতে সূৰ্য সিংহৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মীয় আলোচনা সভাত অংশ গ্ৰহণ কৰে,এছ পি আৰ সুৰেন হাজৰিকা,ৰাতুল নাৰ্জাৰী,প্ৰাণেশ্বৰ বসুমতাৰী, নবীন চন্দ্ৰ বড়ো,মৃণাল শৰ্মা, যাজক ৰাজু চক্ৰৱৰ্তী,শান্ত অধিকাৰী,স্বৰ্বেশ্বৰ স্বর্গীয়ৰী, অধৈৰ্য ৰূপ চৰণ বিশ্বাস,ৰূপালী, প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বালা বিশ্বাস।আবেলি মাতৃসন্মিলন, সন্ধ্যকালীন বিনতিৰ অন্তত এক আধ্যাত্মিক পৰিৱেশত বন্দে পুৰুষোত্তমম ধনীৰে
দিনজোৰা কাৰ্যসূচী সমাপ্তি ঘটে। অনুষ্ঠানত অংশ লয় স্থানীয় পাৰিষদ ড৹ ধৰ্ম নাৰায়ণ দাসেও।উল্লেখ যে, প্ৰায় তিনি হেজাৰেৰো অধিক ভক্ত প্ৰাণ লোকে ৰাজ্যৰ ভিন্ন জিলাৰ পৰা অংশগ্ৰহণ কৰে উক্ত ধৰ্মীয় অনুষ্ঠানত।

  • Related Posts

    নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*

    Telegram

    TelegramTweet*নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫     সমাগত বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১২ ছেপ্টেম্বৰত নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৱে ৩০-গোৰেশ্বৰ (জনজাতি) সমষ্টিৰ…

    তামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ* _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_

    Telegram

    TelegramTweetতামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫   তামুলপুৰ জিলাৰ বৰনগৰস্থিত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ নিৰ্বাচন উপলক্ষে আজি “ইছ্যু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *