চতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধ

  • Current
  • September 17, 2025
  • 0 Comments
Telegram

চতিয়াৰ মৰনৈ নদীৰ পুৰনি দলংত বৃহৎ গাঁত, যাতায়ত সাময়িকভাবে বন্ধ

 

চতিয়া, ১৭ ছেপ্টেম্বৰঃ

চতিয়াৰ মাজমজিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত মৰনৈ নদীৰ ওপৰৰ পুৰনি দলংখনত মঙলবাৰে বিয়লি হঠাতে বৃহৎ গাঁত সৃষ্টি হোৱাত যাতায়ত সম্পূৰ্ণৰূপে ব্যাহত হয়।

 

মঙলবাৰ সন্ধিয়াই বিশ্বনাথ আৰক্ষী আৰু জিলা প্ৰশাসনে দলংখনৰ ওপৰেদি সকলো ধৰণৰ যানবাহন চলাচল নিষিদ্ধ ঘোষণা কৰে। ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শন কৰা বিশ্বনাথৰ SSP আৰু NHIDCL ৰ বিষয়ববীয়াই পৰিস্থিতি পৰ্যালোচনা কৰি যাতায়ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

 

ইপিনে, প্ৰশাসনে জানিবলৈ দিছে যে চাৰিশৰণীয়া পথৰ মৰনৈ ওপৰত থকা দ্বিতীয়খন দলংৰে যানবাহন চলাচল অব্যাহত থাকিব। NHIDCL ৰ পক্ষৰ পৰা এক মাহৰ ভিতৰত দলংখন সম্পূৰ্ণকৈ মেৰামতি কৰি পুনৰ যাতায়তৰ বাবে উপযোগী কৰি তোলাৰ আশ্বাস দিয়া হৈছে।

 

প্ৰায় ষাঠি বছৰৰো অধিক পুৰণি এই দলংখন দীৰ্ঘদিন ধৰি উত্তৰ অসমৰ যাতায়তৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰি আহিছে।

  • Related Posts

    • Current
    • September 16, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

    Telegram

    TelegramTweet*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ, ২০২৫* :     আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি…

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *