
গোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণ
গোৰেশ্বৰ, ১৫ ছেপ্টেম্বৰঃ
বিটিআৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্কালে গোৰেশ্বৰত অনুষ্ঠিত ব্লক কংগ্ৰেছৰ নিৰ্বাচনী সভাত আজিৰ দিনটোত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা।
সভাত ভূপেন বৰাই গোৰেশ্বৰ সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ভবেন্দ্ৰ নাথ স্বৰ্গীয়াৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়। স্থানীয় ৰাইজে উপস্থিত হৈ কংগ্ৰেছৰ সভাখনক উৎসাহিত কৰে।
সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি ভূপেন বৰাই বিজেপি, আৰ এছ এছ আৰু বিটিআৰ শাসনৰ বিৰুদ্ধে তীব্ৰ আক্রমণ কৰে। তেওঁ কয় – “বিটিআৰত বিজেপিৰ বি আৰু চি টীম হিচাপে কাম কৰি আছে। বিজেপি আৰু আৰ এছ এছ মিলি বিটিআৰৰ বিৰুদ্ধে সাংঘাটিক ষড়যন্ত্ৰ চলাইছে।”
ইয়াৰ উপৰিও ভূপেন বৰাই সদ্যস্থাপিত SIT (Special Investigation Team)ৰ জেৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় – “৩৬ জন লোকক জেৰা চলোৱা হৈছে, কিন্তু এই সকলো প্ৰক্ৰিয়াই কেৱল এটা নাটক। জনসাধাৰণক ধোঁৱাশা দিবৰ বাবে এই পদ্ধতি গ্ৰহণ কৰা হৈছে।”
তেওঁ লগতে মন্তব্য কৰে যে, বিটিআৰলৈ আহি থকা কোটি কোটি টকা উন্নয়নমূলক কামত ব্যৱহাৰ হোৱা নাই। “এই টকা হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰীৰ লগত ভাগি লৈছে। সাধাৰণ ৰাইজৰ বাবে এই ধনৰ সঠিক ব্যৱহাৰ হোৱা নাই,” বুলি মন্তব্য কৰে ভূপেন বৰাই।
কংগ্ৰেছ নেতা গৰাকীয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছক জয়ী কৰাই অঞ্চলৰ শান্তি, সুৰক্ষা আৰু উন্নয়ন নিশ্চিত কৰাৰ আহ্বান জনায়।
👉 গোৰেশ্বৰ সমষ্টিত এই সভাই কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশলক নতুন গতি প্ৰদান কৰিছে বুলি মন্তব্য কৰিছে স্থানীয় সচেতন মহলে।