ভাৰতীয় ৰেলৱেৰ দ্বাৰা আইজলক ৰাষ্ট্ৰীয় ৰাজধানী, গুৱাহাটী আৰু কলকাতাৰ সৈতে সংযোগ কৰা তিনিযোৰ নতুন ৰেল সেৱাৰ প্ৰৱৰ্তন

Telegram

ভাৰতীয় ৰেলৱেৰ দ্বাৰা আইজলক ৰাষ্ট্ৰীয় ৰাজধানী, গুৱাহাটী আৰু কলকাতাৰ সৈতে সংযোগ কৰা তিনিযোৰ নতুন ৰেল সেৱাৰ প্ৰৱৰ্তন

মালিগাঁও, ১১ ছেপ্টেম্বৰ, ২০২৫:

ভাৰতীয় ৰেলৱেই মিজোৰামৰ ৰাজধানী আইজলৰ ছাইৰাং ষ্টেচনৰ পৰা তিনিযোৰ নতুন ৰেল সেৱাৰ প্ৰৱৰ্তনৰ কথা ঘোষণা কৰি সুখী হৈছে। এই ৰেলসমূহে, দেশৰ গন্তব্যস্থানসমূহৰ সৈতে বিশেষভাৱে মিজোৰামৰ ৰাজধানীৰ সৈতে ৰেল সংযোগ বৃদ্ধি কৰিব। তিনিযোৰ ৰেলৰ উদ্বোধনী যাত্ৰা ১৩ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে কৰা হ’ব আৰু প্ৰকাশিত নিৰ্দিষ্ট তাৰিখৰ পৰা নিয়মীয়া সেৱা আৰম্ভ হ’ব। তিনিযোৰ ৰেলৰ উদ্বোধনী আৰু নিয়মীয়া সেৱাৰ বিস্তৃত নিম্ন অনুসাৰে হব:

নতুন ৰেলৰ উদ্বোধনী /নিয়মীয়া সেৱা

ৰে’ল নং ০২৫০৭ (ছাইৰাং – আনন্দ বিহাৰ টাৰ্মিনেল) উদ্বোধনী ৰাজধানী এক্সপ্ৰেছ ৰেল ১৩-০৯-২০২৫ তাৰিখে (শনিবাৰ) ছাইৰাং ষ্টেচনৰ পৰা ১০:০০ বজাত প্ৰস্থান কৰি ১৫-০৯-২০২৫ তাৰিখে (সোমবাৰ)৭:৩০ বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হ’ব। ইয়াৰ পিছত ৰে’ল নং ২০৫০৭ (ছাইৰাং – আনন্দ বিহাৰ টাৰ্মিনেল) ৰাজধানী এক্সপ্ৰেছ ১৯-০৯-২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি শুক্ৰবাৰে ছাইৰাঙৰ পৰা ১৬:৩০ বজাত প্ৰস্থান কৰি ৰবিবাৰে ১০:৫০ বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হ’ব। সেইদৰে, ৰে’ল নং ২০৫০৮ (আনন্দ বিহাৰ টাৰ্মিনেল – ছাইৰাং) ৰাজধানী এক্সপ্ৰেছ ২১-০৯-২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি দেওবাৰে আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা ১৯:৫০ বজাত প্ৰস্থান কৰি মঙলবাৰে ১৫:১৫ বজাত ছাইৰাঙত গৈ উপস্থিত হ’ব। যাত্ৰাৰ সময়ত এই দুয়োখন ৰে’ল বদৰপুৰ জংচন, গুৱাহাটী, নিউ জলপাইগুড়ী, মালদা টাউন, ভাগলপুৰ হৈ চলাচল কৰিব।

ৰে’ল নং ০৫৬০৯ (ভৈৰৱী – ছাইৰাং) বিশেষ ভৈৰৱীৰ পৰা ১০.০০ বজাত প্ৰস্থান কৰি ১১.১৫ বজাত ছাইৰাঙত গৈ উপস্থিত হব। ইয়াৰ পিছত এই ৰেলখনে ইয়াৰ উদ্বোধনী যাত্ৰা ৰে’ল নং ০৫৬১০ (ছাইৰাং-গুৱাহাটী) বিশেষ ৰূপে ১২.৩০ বজাত ছাইৰাং ষ্টেচনৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ ০২.৩০ বজাত গুৱাহাটীত আহি উপস্থিত হব। ইয়াৰ পিছত ১৩-০৯-২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰে’ল নং ১৫৬০৯ (গুৱাহাটী-ছাইৰাং) এক্সপ্ৰেছৰ নিয়মীয়া সেৱা দৈনিক গুৱাহাটীৰ পৰা ১৯.০০ বজাত প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ০৮.৩০ বজাত ছাইৰাঙত গৈ উপস্থিত হব। একদৰে ৰেল নং. ১৫৬১০ (ছাইৰাং-গুৱাহাটী) এক্সপ্ৰেছ ১৪-০৯-২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ দৈনিক ১৯.০০ বজাত ছাইৰাঙৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ৮.৩০ বজাত গুৱাহাটীত আহি উপস্থিত হব।

এক্সপ্ৰেছ ৰে’ল নং ০৩১২৬ ৰ উদ্বোধনী চলাচল ১৩-০৯-২০২৫ তাৰিখে ১০.০০ বজাত আৰম্ভ হব আৰু পৰৱৰ্তী দিনৰ ১৭.০০ বজাত ৰেলখন কলকাতাত গৈ উপস্থিত হব। ইয়াৰ পিছত ১৬-০৯-২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰেল নং. ১৩১২৫ (কলকাতা-ছাইৰাং) ত্ৰি-সাপ্তাহিক এক্সপ্ৰেছ ৰেলখন কলকতাৰ পৰা প্ৰত্যেক শনিবাৰ, মঙলবাৰ আৰু বুধবাৰে ১২.২৫ বজাত প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ১৯.৪৫ বজাত ছাইৰাঙত গৈ উপস্থিত হব। একেদৰে ১৮-০৯-২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰেল নং. ১৩১২৬ (ছাইৰাং-কলকাতা) ত্ৰি-সাপ্তাহিক এক্সপ্ৰেছ ৰেলখন ছাইৰাঙৰ পৰা প্ৰত্যেক সোমবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে ০৭.১৫ বজাত প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ১৪.৩০ বজাত কলকাতাত গৈ উপস্থিত হব। এই ৰেলসমূহ বদৰপুৰ জংচন, গুৱাহাটী, গোৱালপাৰা টাউন, গোলকগঞ্জ, নিউ জলপাইগুড়ী, মালদা টাউন হৈ ইয়াৰ গন্তব্যস্থানসমূহত উপস্থিত হব।

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

  • Related Posts

    RPF of NFR sizedContraband Items (Ganja) worth above Rs 6.20 Lacs

    Telegram

    TelegramTweetRPF of NFR sizedContraband Items (Ganja) worth above Rs 6.20 Lacs Also apprehended 03 females & one male involved in its Smuggling   Maligaon, 10th September, 2025:   The Railway…

    NFR achieved a 14.1% rise in freight loading

    Telegram

    TelegramTweetNFR achieved a 14.1% rise in freight loading   Maligaon, 9th September, 2025:   Northeast Frontier Railway (NFR) is tirelessly working round the clock to serve its customers and ensure…

    Leave a Reply

    Your email address will not be published. Required fields are marked *