BTCতো চলিব নেকি উচ্ছেদ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
১০ আগষ্টঃ
বোদোলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল (BTC)ৰ অন্তৰ্গত অঞ্চলসমূহত উচ্ছেদ অভিযান চলাব নে নাই সেই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজিৰ জনসভাত স্পষ্ট বক্তব্য প্ৰদান কৰে।
মুখ্যমন্ত্ৰীয়ে কয়, “BTCত কোনো অনধিকাৰ প্ৰৱেশকাৰীক স্থান দিয়া নহ’ব। চৰকাৰৰ লক্ষ্য হ’ল সকলো ধৰ্ম আৰু সমুদায়ৰ ন্যায়সংগত অধিকাৰ সুৰক্ষিত কৰা, কিন্তু যিসকল অনধিকাৰভাৱে চৰকাৰী ভূমি দখল কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব।”
তেওঁ উল্লেখ কৰে যে এইধৰণৰ অভিযানৰ সিদ্ধান্ত স্থানীয় প্ৰশাসন আৰু BTC চৰকাৰৰ সৈতে সমন্বয় কৰি গ্ৰহণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে লগতে আশ্বাস দিয়ে যে যিসকল গৰিব পৰিয়াল আইনসিদ্ধভাৱে ভূমি অধিকাৰ লাভ কৰিছে, তেওঁলোকৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰে লৈছে।