BTR NEWS

তামুলপুৰৰ দৰংগামেলাত তেলৰ টেংকিত ওলাল পানী।  বাহনৰ চালকে ডিজেল বিক্ৰী কৰি পানী ভৰাই আনিলে ভূটানলৈ

Telegram

তামুলপুৰৰ দৰংগামেলাত তেলৰ টেংকিত ওলাল পানী। 

বাহনৰ চালকে ডিজেল বিক্ৰী কৰি পানী ভৰাই আনিলে ভূটানলৈ

 

তামুলপুৰ ১২ মাৰ্চ।

 

তামুলপুৰ আৰক্ষী থানৰ অন্তৰ্গত দৰংগামেলা আৰক্ষী চকীৰ অধিনৰ দৰংগামেলত আজি এখন ডিজেল ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয় তামুলপুৰ আৰক্ষীয়ে। জানিব পৰা মতে তামুলপুৰ আৰক্ষী এক গোপন সূত্ৰৰপমখেদি আজি পুৱা প্ৰায় ৫ বজাত এন এল ০১ এল ৪৪৫৯ নম্বৰ ডিজেল ভৰ্তি বাহনখন জলপাইগুৰিৰ পৰা চামদ্ৰুপ জংখাৰ (ভূটান) লৈ আহি থকা সময়ত হাউলী ৰোড বাৰপেটাত টেংকৰ পৰা ২৪০০০ লিটাৰ তেল উলিয়াই ১৬৮১৪৪০ টকাত বিক্ৰী কৰি পুণৰ টেংকিত পানী ভৰাই ভূটান লৈ আনি থকা সময়ে দৰংগামেলাত আৰক্ষীয়ে বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বাহন খনৰ চালক সুমিত মল্লিক আৰু তেওঁৰ সহযোগী চাবীৰক সোধা পোছাক কৰাত দুয়োজনে আৰক্ষীৰ আগত ২৪০০০ লিটাৰ ডিজেল হাউলী ৰোড বৰপেটাত ১৬৮১৪৪০ টকাত বিক্ৰী কৰি পুণৰ টেংকিত পানী ভৰাই ভূটানলৈ অনা বুলি স্বীকাৰ কৰে। লগে লগে আৰক্ষীয়ে দুয়োজনক আটক কৰি তামুলপুৰ আৰক্ষী থানত এক গোচৰ ৰুজু কৰে আৰু সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে বাহন খন আৰু নগদ ১৬৮১৪৪০ টকা জব্দ কৰে।

Exit mobile version