• Current
  • December 19, 2024
  • 0 Comments
Telegram

কাছাৰত সাংবাদিকৰ ওপৰত আৰক্ষীৰ দমনমূলক কাৰ্য্য, ই-মিডিয়া জাৰ্নালিষ্ট এচোচিয়েশনৰ প্ৰতিবাদ

 

ৰাজনৈতিক দলৰ কাৰ্য্যসূচীৰ তথ্য সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰি তেওঁলোকক আহত কৰাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। সাংবাদিকৰ সুৰক্ষাৰ দিশত এনে কাণ্ডে উদ্বেগৰ সৃষ্টি কৰাত কাছাৰ ই-মিডিয়া জাৰ্নালিষ্ট এচোচিয়েশনে ঘটনাটোত তীব্ৰ গৰিহণা প্ৰকাশ কৰিছে।

 

ঘটনাৰ প্ৰতিবাদত আজিৰ দিনা ই-মিডিয়া জাৰ্নালিষ্ট এচোচিয়েশনে শিলচৰত এক প্ৰতিবাদি কাৰ্য্যসূচী আয়োজন কৰে। সাংবাদিকসকলে ক’লি বেজ পৰিধান কৰি চহৰৰ ক্ষুধিৰাম মূৰ্তিৰ ওচৰত একত্ৰিত হৈ নিজৰ বিক্ষোভ প্ৰকাশ কৰে। এই সময়ত সংগঠনৰ সদস্যসকলে আৰক্ষীৰ দমনমূলক ব্যৱহাৰক তীব্ৰ ভৰ্ৎসনা জনাই।

 

সাংবাদিকসকলে আৰক্ষীৰ এনে কাণ্ডৰ শীঘ্ৰ তদন্তৰ দাবী উত্থাপন কৰি ঘটনাৰ পূৰ্ণাংগ সমাধান বিচাৰিছে। ই-মিডিয়া জাৰ্নালিষ্ট এচোচিয়েশনে তেওঁলোকৰ পেশাগত কৰ্তব্য পালনৰ সময়ত এনে দুৰ্ব্যৱহাৰৰ নিন্দা কৰি ক’ছে যে সাংবাদিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজন।

 

ঘটনাৰ ওপৰত বহি আছে গুৰুত্বপূর্ণ আলোচনা, সকলো সংবাদ মাধ্যমই একযোগে এক দৃঢ় প্ৰতিবাদ সংগঠিত কৰিছে।

 

  • Related Posts

    • Current
    • September 18, 2025
    • 3 views
    • 1 minute Read
    ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 

    Telegram

    TelegramTweet২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  আমি কোকৰাঝাৰত দিয়া টকা কত গৈছে বিটিআৰ ৰাইজে নাজানে। বিটিৰাত এন্দুৰ, নেগুনি থকাৰ বাবে বিটিআৰত উন্নয়ন…

    • Current
    • September 17, 2025
    • 12 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *