তামুলপুৰত ষট্ পূজা সম্পৰ্কীয় বৈঠক*

Telegram

*তামুলপুৰত ষট্ পূজা সম্পৰ্কীয় বৈঠক*

তামুলপুৰ, ৫ নৱেম্বৰ, ২০২৪* :

 

আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমাগত ৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ষট্ পূজা সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত আয়ুক্তগৰাকীয়ে বিশেষকৈ প্ৰদূষণমুক্ত ষট্ পূজা পালনত বিশেষ গুৰুত্ব আৰোপ কৰে। কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সংঘটিত নহয়, তাৰ প্ৰতিও গুৰুত্ব দিবলৈ ষট্ পূজা সমিতিৰ বিষয়ববীয়াসকলক তেওঁ আহ্বান জনায়। লগতে নিশা দহ বজাৰ পাছত উচ্চ স্বৰত মাইক বজোৱাৰ ক্ষেত্ৰত বাধা থকাৰ কথাও তেওঁ উল্লেখ কৰে। তামুলপুৰৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়েও আৰক্ষীৰ ফালৰ পৰা সুৰক্ষামূলক সকলো সহযোগিতা আগবঢ়োৱা হ’ব বুলি কয়। তেওঁ সকলোৰে সহযোগিতাও কামনা কৰে। আজিৰ সভাখনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰ, প্ৰকল্প বিষয়া চন্দা সিং, তামুলপুৰৰ খণ্ড উন্নয়ন বিষয়া দেৱ কুমাৰ বসুমতাৰী, একাংশ বিষয়া আৰু তামুলপুৰ জিলাৰ বিভিন্ন ষট্ পূজা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল। উল্লেখ্য যে তামুলপুৰ জিলাৰ ১৭টা ঘাটত এইবাৰ ষট্ পূজা অনুষ্ঠিত হ’ব।

  • Related Posts

    তামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সভা সম্পন্ন, নতুন আঞ্চলিক সমিতি গঠন

    Telegram

    TelegramTweetতামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সভা সম্পন্ন, নতুন আঞ্চলিক সমিতি গঠন   তামুলপুৰ, ১০ এপ্ৰিলঃ তামুলপুৰৰ গেৰুৱাত আজি সদৌ অসম গোৰ্খা ছাত্র সন্থা তামুলপুৰ জিলা সমিতিৰ উদ্যোগত এখনি সাধাৰণ…

    বিটিচিৰ গোৰেশ্বৰত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম দিয়াৰ নামত দুৰ্নীতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU)

    Telegram

    TelegramTweetবিটিচিৰ গোৰেশ্বৰত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম দিয়াৰ নামত দুৰ্নীতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU)   📍গোৰেশ্বৰ, BTR: বটলেণ্ড টেৰিট’ৰিয়েল কাউনচিল (BTC) অধীন গোৰেশ্বৰ অঞ্চলত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম বিতৰণ প্ৰকল্পত ব্যাপক দুৰ্নীতিৰ অভিযোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *