ভাষা জীয়াই থাকিলেহে এটা জাতি জীয়াই থাকে।
তামুলপুৰত ভাষা গৌৰৱ সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
তামুলপুৰ, ৩ নৱেম্বৰ, ২০২৪ :
দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ পাছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ৩ৰ পৰা ৯ নৱেম্বৰলৈ অসমীয়া ভাষাৰ লগতে জনগোষ্ঠীয় ভাষাসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে “ভাষা গৌৰৱ সপ্তাহ” পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত তামুলপুৰ আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰেক্ষাগৃহত তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা ভিত্তিত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আদৰণী ভাষণত কয়, “ভাষা জীয়াই থাকিলেহে এটা জাতি জীয়াই থাকে। এটা জাতি জীয়াই থাকিলেহে এখন ৰাজ্য বা দেশৰ উন্নয়ন হয় তথা সেই ৰাজ্য বা দেশ জীয়াই থাকে।” লগতে তেওঁ বিভিন্ন জনগোষ্ঠীয় ভাষাৰ প্ৰয়োজনীয়তা তথা অৱদানৰ বিষয়েও নিজৰ চমু বক্তব্যত উল্লেখ কৰে। আদৰণী ভাষণৰ পাছতেই তামুলপুৰ জিলাৰ বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাৰ বিষয়ববীয়াসকলক জিলা প্ৰশাসনে সম্বৰ্ধনা জনায়। তামুলপুৰ শাখা সাহিত্য সভা, বড়ো সাহিত্য সভা, চাওঁতালী সাহিত্য পৰিষদ, অসম নেপালী সাহিত্য সভা, কোচ-ৰাজবংশী সাহিত্য সভা আৰু ৰাভা সাহিত্য সভাৰ বিষয়ববীয়াসকলে সম্বৰ্ধনা গ্ৰহণ কৰে। তাৰ পাছত তামুলপুৰ শাখা সাহিত্য সভাৰ সদস্য তথা সাহিত্য অকাডেমিৰ যুৱ বঁটা বিজয়ী কবি দ্বিজেন কুমাৰ দাসে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্তৰলৈ উত্তৰণ হোৱাত যিসকল বিশেষ ব্যক্তিৰ শ্ৰম নিহীত হৈ আছে, তেওঁলোকক সোঁৱৰণ কৰাৰ উপৰি আইৰ মুখৰ ভাষাৰ তাৎপৰ্য তথা গুৰুত্ব সম্পৰ্কেও বক্তব্য ৰাখে। মুখ্য অতিথিৰ আসনৰ পৰা স্থানীয় বিধায়ক জলেন দৈমাৰীয়ে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা সম্পৰ্কে নিজস্ব মতামত ব্যক্ত কৰাৰ উপৰি অসমৰ বাহিৰত অসমীয়াভাষী লোকক লগ পালে কেনে অনুভৱ হয়, সেই সম্পৰ্কেও নিজৰ অনুভৱ ব্যক্ত কৰে। লগতে ভাষাৰ লগত সম্পৰ্ক নাই যদিও জনসাধাৰণৰ উপকাৰৰ প্ৰতি লক্ষ্য ৰাখি বিধায়কগৰাকীয়ে মিছন বৈছৌমুথি আৰু ২০২৬ চনৰ জানুৱাৰী মাহত মুকলি হ’বলগীয়া তামুলপুৰ মেডিকেল কলেজ সম্পৰ্কেও কিছু কথা ৰাইজক অৱগত কৰে। আজিৰ সভাত বিভিন্ন জনগোষ্ঠীয় সাহিত্যানুষ্ঠানসমূহৰ বিষয়ববীয়াসকলেও নিজৰ নিজৰ বক্তব্য দাঙি ধৰে। উল্লেখ্য যে বিগত “কাৰ্বন নিউট্ৰেল দুৰ্গাপূজা” সঠিকভাৱে উদযাপন কৰা কিছু দুৰ্গাপূজা সমিতিক আজিৰ সভাখনৰ সামৰণিৰ ফালে জিলা প্ৰশাসনে বঁটা প্ৰদান কৰে। পূজা সমিতিসমূহ হৈছে— দ্বাৰকুছি বাৰোৱাৰী শ্ৰীশ্ৰীদুৰ্গাপূজা পৰিচালনা সমিতি, কাউলি শ্ৰীশ্ৰীদুৰ্গাপূজা সমিতি, নাগ্ৰীজুলি আঞ্চলিক দুৰ্গাপূজা সমিতি (অনুপস্থিত), গোৰেশ্বৰ আঞ্চলিক কালী মন্দিৰ দুৰ্গাপূজা সমিতি (অনুপস্থিত), তামুলপুৰ আঞ্চলিক দুৰ্গাপূজা সমিতি আৰু মেনকা চাহ বাগিছা দুৰ্গাপূজা পৰিচালনা সমিতি। আজিৰ সভাখনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপৰি স্থানীয় বিধায়ক জলেন দৈমাৰী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, বিটিচিৰ পাৰিষদ বিজিতগৌৰা নাৰ্জাৰী, মনোনীত পাৰিষদদ্বয় হেমন্ত কুমাৰ ৰাভা আৰু চম্পাৱতী ডেকা, অতিৰিক্ত আয়ুক্তদ্বয় ডঃ দীপাংকৰ নাথ আৰু হেমাশ্ৰী খনিকৰ, নিৰ্বাচনী বিষয়া ডঃ নীল হৰিৎ কৌশিক, বিভিন্ন জনগোষ্ঠীয় সাহিত্যানুষ্ঠানৰ বিষয়ববীয়া, জ্যেষ্ঠ নাগৰিক, বিভিন্ন বিভাগৰ বিষয়া, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আদি উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।