ৰেল সেৱাৰ বাতিলকৰণ আৰু সময় পুনৰ নিৰ্ধাৰণ।

Telegram

ৰেল সেৱাৰ বাতিলকৰণ আৰু সময় পুনৰ নিৰ্ধাৰণ

মালিগাঁও, ১৫ নৱেম্বৰ, ২০২৪:

 

উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং মণ্ডলৰ অন্তৰ্গত লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডৰ দিহাখো–মুপা ষ্টেচনৰ মাজত শ্লীপাৰ প্ৰতিস্থাপন কৰা কাৰ্যৰ বাবে ১৪ তাৰিখৰ পৰা ৩০ নৱেম্বৰ, ২০২৪ লৈকে পাঁচ ঘণ্টাৰ মেগা ব্লক লোৱা হৈছে। সেই অংশত ৰেল চলাচলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তাৎক্ষণিক ভিত্তিত সেই খণ্ডৰ শ্লীপাৰ সলনি কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। সেই এলেকাৰ শ্লীপাৰ প্ৰতিস্থাপন কৰাৰ পিছত, ৰেল পৰিচালনৰ ক্ষেত্ৰত সুৰক্ষা বৃদ্ধি হ’ব। প্ৰতিস্থাপন কাৰ্যৰ বাবে, নিম্নলিখিত ৰেলসমূহৰ বাতিলকৰণ আৰু সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে:

 

ৰেল সেৱাৰ বাতিলকৰণ:

১। ১৬, ১৮, ২০, ২৩, ২৫ আৰু ২৭ নৱেম্বৰ, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ১৫৬১৭ (গুৱাহাটী – দুল্লভচেৰা) এক্সপ্ৰেছ বাতিল থাকিব।

২। ১৬, ২০, ২৩, ২৭ আৰু ৩০ নৱেম্বৰ, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ১৫৮৮৮/১৫৮৮৭ (গুৱাহাটী- বদৰপুৰ- গুৱাহাটী) এক্সপ্ৰেছ বাতিল থাকিব।

৩। ১৭, ১৯, ২১, ২৪, ২৬ আৰু ২৮ নৱেম্বৰ, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ১৫৬১৮ (দুল্লভচেৰা – গুৱাহাটী) এক্সপ্ৰেছ বাতিল থাকিব।

৪। ১৯, ২১, ২৬ আৰু ২৮ নৱেম্বৰ, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ০৫৬৯৮ (গুৱাহাটী – নিউ জলপাইগুড়ী) বিশেষ বাতিল থাকিব

৫। ২০, ২২, ২৭ আৰু ২৯ নৱেম্বৰ, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ০৫৬৯৭ (নিউ জলপাইগুড়ী – গুৱাহাটী) বিশেষ বাতিল থাকিব।

৬। ২১ আৰু ২৮ নৱেম্বৰ, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ০৫৬৩৯ (শিলচৰ- কলকাতা) বিশেষ বাতিল থাকিব।

৭। ১৫, ২২ আৰু ২৯ নৱেম্বৰ, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ০৫৬৪০ (কলকাতা- শিলচৰ) বিশেষ বাতিল থাকিব।

৮। ১৫ নৱেম্বৰ, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰা ৰেল নং. ১৫৬১৫ (গুৱাহাটী- শিলচৰ) এক্সপ্ৰেছ বাতিল থাকিব।

 

ৰেল সেৱাৰ সময় পুনৰ নিৰ্ধাৰণ:

১। ১৬, ১৯, ২৩, ২৬ আৰু ৩০ নৱেম্বৰ, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ১২৫০৪ (আগৰতলা – এছএমভিটি বেংগালুৰু) এক্সপ্ৰেছ ০৫:৩০ ঘণ্টাৰ পৰিৱৰ্তে ০৭:০০ বজাত যাত্ৰা আৰম্ভ কৰাৰ বাবে সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

২। ১৭ আৰু ২৪ নৱেম্বৰ, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং ১২৫১৫ (কোৱাম্বাটোৰ – শিলচৰ) এক্সপ্ৰেছ ২২:০০ বজাৰ পৰিৱৰ্তে ১৮ আৰু ২৫ নৱেম্বৰ, ২০২৪ ৰ ০৩:০০ বজাত যাত্ৰা আৰম্ভ কৰাৰ বাবে সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

৩। ১৯ আৰু ২৬ নৱেম্বৰ, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং. ১২৫০৭ (তিৰুৱনন্তপুৰম চেণ্ট্ৰেল- শিলচৰ) এক্সপ্ৰেছ ১৬:৫৫ ঘণ্টাৰ পৰিৱৰ্তে ২১:৫৫ বজাত যাত্ৰা আৰম্ভ কৰাৰ বাবে সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

 

ৰেল সেৱাৰ নিয়ন্ত্ৰণ:

১। ১২ নৱেম্বৰ, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰা ৰেল নং ১২৫০৭ (তিৰুৱনন্তপুৰম চেণ্ট্ৰেল – শিলচৰ) এক্সপ্ৰেছ; ১৪, ২১ আৰু ২৮ নৱেম্বৰ, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰা ৰেল নং ১৪০৩৮ (নিউ দিল্লী- শিলচৰ) এক্সপ্ৰেছ আৰু ১৮ আৰু ২৫ নৱেম্বৰ, ২০২৪ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেল নং. ১৪৬২০ (ফিৰোজপুৰ কেণ্ট- আগৰতলা) এক্সপ্ৰেছ যাত্ৰাপথত প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰণ কৰা হ’ব।

  • Related Posts

    NFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border

    Telegram

    TelegramTweetNFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border   Maligaon, 01st May, 2025: In a significant step toward strengthening border security and ensuring the safety of railway assets…

    Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service

    Telegram

    TelegramTweet  Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service   Maligaon, 17th April, 2025: In a remarkable tribute to India’s rich railway heritage, the Darjeeling Himalayan Railway…

    Leave a Reply

    Your email address will not be published. Required fields are marked *