ৰেলৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধানৰ দ্বাৰা ৰেলৱে সুৰক্ষা বিশেষ বাহিনীৰ সাহসী জোৱানসকলক সন্মানিতকৰণ  

Telegram

ৰেলৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধানৰ দ্বাৰা ৰেলৱে সুৰক্ষা বিশেষ বাহিনীৰ সাহসী জোৱানসকলক সন্মানিতকৰণ  

 

মালিগাওঁ, ২৭ ডিচেম্বৰ, ২০২৪:

 

 

২০২৪ চনৰ ২৬ ডিচেম্বৰত নতুন দিল্লীৰ ৰে’ল ভৱনত আয়োজিত এক অনুষ্ঠানত ৰে’লৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান শ্ৰী মনোজ যাদৱে বৰদিনৰ দিনা ৰে’ল ভৱনৰ ওচৰত সংঘটিত এক শোকাৱহ ঘটনাৰ সময়ত ৰে’লৱে সুৰক্ষা বিশেষ বাহিনীৰ (আৰপিএছএফ) কনিষ্টবল কুলদীপ, ৰাজেশ চাইনী আৰু শিৱৰাজক তেওঁলোকৰ দৃষ্টান্তমূলক সাহস আৰু তাৎক্ষণিক সঁহাৰিৰ বাবে সম্বৰ্ধনা জনায়।

নতুন দিল্লীৰ ৰেল ভৱন পৰিসৰৰ সমীপৰ বৃত্তাকাৰ পথৰ কাষতে থকা সংসদ ভৱন গেটৰ সন্মুখত যোৱা ২৫ ডিচেম্বৰ, ২০২৪ তাৰিখে আবেলি প্ৰায় ৩:১৫ বজাত, ৩০ বছৰ বয়সৰ এজন ব্যক্তিয়ে নিজৰ গাত জুই লগাই দিয়ে। ব্যক্তিজনক জুইয়ে আৱৰি ধৰাত, তেওঁ সংসদ ভৱন এলেকাৰ ফালে দৌৰি যায়। ঘটনাটো লক্ষ্য কৰি থকা, ৰে’ল ভৱনৰ ৬ নং গেটত নিয়োজিত কৰ্তব্যৰত আৰপিএছএফ কনিষ্টবলসকলে তৎক্ষণাৎ উপস্থিত বুদ্ধিৰে উদ্ধাৰ কাৰ্যত নামি পৰে। তেওঁলোকে কাষতে থকা পথচাৰীসকলৰ সহায়ত জুই নুমুৱাবলৈ গেটতে থকা দুখন কম্বল লগে লগে ব্যৱহাৰ কৰে। তেওঁলোকৰ দ্ৰুত সঁহাৰিয়ে পথচাৰীসকলৰ বাবে বিপদাশংকা হ্ৰাস কৰাৰ লগতে পৰিস্থিতিটো আৰু বেয়া হোৱাৰ বাবে বাধা দিয়ে। আঘাতপ্ৰাপ্ত ব্যক্তিজন অতি গুৰুতৰভাৱে জ্বলি যায় আৰু তৎক্ষণাৎ কৰ্তব্য পথত থকা এছএইচও জনে নিজৰ টীমৰ সৈতে ঘটনাস্থলীত পুলিচ প্ৰশাসনৰ সৈতে উপস্থিত হয়। পিছত জ্বলি যোৱা ভুক্তভোগীজনক অধিক চিকিৎসাৰ বাবে ডাঃ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উক্ত অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ৰে’লৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধানে তেওঁলোকৰ সাহসিকতাৰ প্ৰশংসা কৰি কয়, যে “এক ভয়ানক জৰুৰী কালীন অৱস্থাৰ সন্মুখীন হৈ এই কনিষ্টবলসকলে অসাধাৰণ সাহস, উপস্থিত বুদ্ধি আৰু গভীৰ কৰ্তব্যবোধৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁলোকৰ কাৰ্যই আৰপিএফৰ মিছনৰ সেৱা আৰু মানৱতাৰ মনোভাৱৰ মূল বিষয়বস্তুকেই উপস্থাপন কৰিছে।”

ৰে’লৱে সুৰক্ষা বাহিনীয়ে নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰতি সদায় প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াৰ জোৱানসকলে প্ৰদৰ্শন কৰা সাহসে তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি অটল সমৰ্পণৰ এক উজ্জ্বল উদাহৰণ দাঙি ধৰে।

  • Related Posts

    Indian Railways Introduces Aadhaar-Based Authentication for Early Online Reservations

    Telegram

    TelegramTweetIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservations   Maligaon, 16th September, 2025:   The Ministry of Railways has announced a new measure to ensure that the benefits of…

    মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন 

    Telegram

    TelegramTweetমাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন  মালিগাওঁ, ১৪ ছেপ্টেম্বৰ, ২০২৫:   প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰত বিহাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *