ৰেলত এলাৰ্ম চেইনৰ অপব্যৱহাৰৰ অপৰাধত ৮,০০০/- টকাৰ জৰিমনা আৰোপ ।

Telegram

ৰেলত এলাৰ্ম চেইনৰ অপব্যৱহাৰৰ অপৰাধত ৮,০০০/- টকাৰ জৰিমনা আৰোপ ।

মালিগাওঁ, ২৮ নৱেম্বৰ, ২০২৪:

 

প্ৰথমবাৰৰ বাবে বঙাইগাঁওৰ বিশেষ দণ্ডাধীশৰ আদালতে ৰে’লৰ এলাৰ্ম চেইন টনা আৰু ৰেলখন ডিটেশ্যন হোৱাৰ অভিযোগত ৮,০০০/- টকাৰ জৰিমনা আৰোপ কৰিছে। অপৰাধীজনে ১৫ নৱেম্বৰ, ২০২৪ তাৰিখে বৰপেটা ৰোড ষ্টেচনৰ ওচৰত ৰেল নং. ১২৫২০ ডাউন আগৰতলা – লোকমান্য তিলক এক্সপ্ৰেছ ৰেলৰ এলাৰ্ম চেইন টানিছিল। চেইন টনাৰ ফলত, ৰেলখন বৰপেটা ৰোডৰ সমীপৰ ২৯৬/১ কিঃমিত ৰৈ যায়। কৰ্তব্যৰত ৰেলৱে সুৰক্ষা বাহিনীৰ দলে লগে লগে ব্যৱস্থা গ্ৰহণ কৰি অপৰাধীজনক ধৰিবলৈ সক্ষম হয়। পিছত ব্যক্তিজনৰ বিৰুদ্ধে ৰেলৱে আইনৰ ১৪১ ধাৰাৰ অধীনত জৰিমনা আৰোপ আৰু ৰেলখন ৰখাই দিয়াৰ অভিযোগত ডিটেশ্যন চাৰ্জ আদায়ৰ বাবে মোকৰ্দমা চলোৱা হয়।

 

ইয়াৰ পূৰ্বে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে আলিপুৰদুৱাৰ মণ্ডলত একে ধৰণৰ ৫ টা আৰু কাটিহাৰ মণ্ডলত ৮ টা ঘটনা চিনাক্ত কৰিছিল। কৰায়্ত্ত কৰা সকলো ব্যক্তিকে ৰে’লৱে আইন উলংঘনৰ বাবে সংশ্লিষ্ট আদালতৰ অধিক্ষেত্ৰত বিচাৰ চলি আছে।

 

যাত্ৰীবাহী ৰেলত এলাৰ্ম চেইনৰ অপব্যৱহাৰে সময়ানুৱৰ্তীতাৰ ওপৰত প্ৰভাৱ পেলায় আৰু ৰেলৱেৰ পৰিচালনত ক্ষতি কৰে। যিকোনো অপ্ৰত্যাশিত পৰিস্থিতি প্ৰতিহত কৰিবলৈ, ৰেলৰ প্ৰতিটো ডবাত এলাৰ্ম চেইন চিষ্টেম আছে। ৰেলখনত থকা এলাৰ্ম চেইনসমূহ যাত্ৰীসকলৰ সুগমতাৰ বাবে আৰু কেৱল ৰেল যাত্ৰাৰ সময়ত সুৰক্ষা/নিৰাপত্তা নিহিত থকা অতি জৰুৰীকালীন অৱস্থাতহে ব্যৱহাৰ কৰিব লাগে। পৰ্যাপ্ত আৰু যুক্তিসঙ্গত কাৰণ অবিহনে এলাৰ্ম চেইন ব্যৱহাৰ কৰাটো ৰে’ল আইনৰ ধাৰা ১৪১ ৰ অধীনত এক দণ্ডনীয় অপৰাধ যাৰ ফলত গ্ৰেপ্তাৰ বা জৰিমনা অথবা দুয়োটাই হ’ব পাৰে।

  • Related Posts

    মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন 

    Telegram

    TelegramTweetমাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন  মালিগাওঁ, ১৪ ছেপ্টেম্বৰ, ২০২৫:   প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰত বিহাৰ…

    প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপন

    Telegram

    TelegramTweetপ্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মিজোরামের আইজলে ৯,০০০ কোটি টাকারও অধিক মূল্যের বিকাশমূলক কাজের উদ্বোধন ও ভিত্তিপ্রস্তর স্থাপন মিজোরামের জনগণের জন্য ঐতিহাসিক দিন, আইজল ভারতের রেল মানচিত্রের সাথে সংযুক্ত হচ্ছে মালিগাঁও,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *