BTR NEWS

ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ, ২০২৫ৰ বাবে নাম পঞ্জীয়ন,তামুলপুৰ জিলা প্ৰশাসনৰ আহ্বান

Telegram

*ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ, ২০২৫ৰ বাবে নাম পঞ্জীয়ন*

_তামুলপুৰ জিলা প্ৰশাসনৰ আহ্বান_

 

তামুলপুৰ, ২ ডিচেম্বৰ, ২০২৪ :

 

অহা ১১-১২ জানুৱাৰী, ২০২৫ত নতুন দিল্লীৰ “ভাৰত মণ্ডপম”ত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ লগত সংগতি ৰাখি “বিকশিত ভাৰত য়ং লিডাৰ ডায়েলগ” অনুষ্ঠিত হ’ব, যিটো ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশেষ পদক্ষেপ। তাৰ প্ৰতি লক্ষ্য ৰাখি চাৰিটা পৰ্যায়ৰ এটি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাৰ বাবে ১৫-২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলে “My Bharat” প’ৰ্টেলৰ “https://mybharat.gov.in” ইউ আৰ এলযোগে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। প্ৰতিযোগিতাসমূহ এনেধৰণৰ— ১ম ৰাউণ্ড : বিকশিত ভাৰত কুইজ (২৫ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ।)। ২য় ৰাউণ্ড : ৰচনা আৰু ব্লগ লিখন (৮-১৫ ডিচেম্বৰ)। ৩য় ৰাউণ্ড : বিকশিত ভাৰত ভিজন পিচ্চ ডেক- ষ্টেট লেভেল প্ৰেজেণ্টেছন (২০ ডিচেম্বৰ-২২ ডিচেম্বৰ)। ৪ৰ্থ ৰাউণ্ড : ভাৰত মণ্ডপমত বিকশিত ভাৰত নেছ’নেল চেম্পিয়নশ্বীপ (১১-১২ জানুৱাৰী, ২০২৫)।

নিৰ্ধাৰিত প’ৰ্টেলযোগে নাম পঞ্জীয়ন কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তামুলপুৰ জিলা প্ৰশাসনে জিলাখনৰ ১৫-২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলক আহ্বান জনাইছে

Exit mobile version