ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত দুধনৈত পৰম্পৰাগত হস্ততাঁত-বস্ত্ৰ প্ৰদৰ্শনী আৰু মেলাৰ আয়োজন

  • Current
  • January 27, 2025
  • 0 Comments
Telegram

ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত দুধনৈত পৰম্পৰাগত হস্ততাঁত-বস্ত্ৰ প্ৰদৰ্শনী আৰু মেলাৰ আয়োজন কৰা হৈছে। গুৱাহাটী গণেগুৰস্থিত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰ পৰা ১০ দিন ধৰি চলিবলগীয়া এই মেলাৰ আৰম্ভণি কৰা হয়।

 

মেলাখনৰ শুভ উদ্বোধনী অনুষ্ঠানত ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (CEM) টংকেশ্বৰ ৰাভাই উপস্থিত থাকি নিজে অংশগ্ৰহণ কৰে। মেলাখনত অঞ্চলটোৰ পৰম্পৰাগত বস্ত্ৰ আৰু হস্ততাঁত শিল্পক আগবঢ়োৱাৰ লগতে শৈল্পিক দক্ষতা প্ৰদৰ্শনৰ বিশেষ সুযোগ উপলব্ধ কৰি দিয়া হৈছে।

 

এই প্ৰদৰ্শনী মেলাই পৰম্পৰা আৰু সংস্কৃতিক প্ৰচাৰ-প্ৰসাৰ কৰাৰ লগতে আঞ্চলিক শিল্পীসকলৰ বাবে আৰ্থিক ৰূপত সহায়ক হোৱাৰ আশা কৰা হৈছে। মেলাখনৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰা হৈছে, যাৰ মাজেৰে ৰাভা সংস্কৃতি আৰু পৰম্পৰাৰ ধাৰা দৃঢ়তৰে জনমানসত প্ৰতিস্থাপন কৰা হ’ব।

 

এই ১০ দিনীয়া মেলাখন অঞ্চলটোৰ ৰাজহুৱা উন্নয়ন আৰু সামাজিক সংহতিত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আয়োজকে আশা প্ৰকাশ কৰিছে।

 

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।    

    Telegram

    TelegramTweet11वें अंतराष्ट्रीय योग दिवस के अवसर पर 24वी बटालियन एसएसबी रंगिया द्वारा योगाभ्यास का आयोजन:।       (रंगिया दिनाकं 21.06.2025):   11वें अंतराष्ट्रीय योग दिवस के शुभ अवसर पर…

    • Current
    • June 21, 2025
    • 3 views
    • 1 minute Read
    International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳

    Telegram

    TelegramTweet🧘‍♂️ International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳   21 जून को मनाए जा रहे अंतर्राष्ट्रीय योग…

    Leave a Reply

    Your email address will not be published. Required fields are marked *