ৰাণা প্ৰতাপ নগৰ আৰু কামাখ্যাৰ মাজত ভাৰত গৌৰৱ ৰেল  

  • Current
  • January 5, 2025
  • 0 Comments
Telegram

ৰাণা প্ৰতাপ নগৰ আৰু কামাখ্যাৰ মাজত ভাৰত গৌৰৱ ৰেল  

 

মালিগাওঁ, ০৫ জানুৱাৰী, ২০২৫:

 

পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতীয় ৰেলৱেৰ পক্ষৰ পৰা ৰাণা প্ৰতাপ নগৰ আৰু কামাখ্যাৰ মাজত এখন ভাৰত গৌৰৱ বিশেষ ৰেল নং. ০০৯৬৮ ৰেল চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিশেষ পৰ্যটন ৰেলখনৰ ভ্ৰমণ কাৰ্যসূচী ০৭ দিনৰ বাবে হ’ব যি ৩ জানুৱাৰী, ২০২৫ ৰ পৰা যাত্ৰা আৰম্ভ কৰিছে আৰু ০৯ জানুৱাৰী, ২০২৫ তাৰিখে সমাপ্ত হ’ব।

৩ জানুৱাৰী, ২০২৫ তাৰিখে ৰেল নং. ০০৯৬৮ ৰাণা প্ৰতাপ নগৰৰ পৰা প্ৰস্থান কৰি ০৫ জানুৱাৰী, ২০২৫ তাৰিখে ১৪:২৫ বজাত কামাখ্যাত গৈ উপস্থিত হব আৰু পৰ্যটকসকলৰ আকৰ্ষণৰ বিভিন্ন স্থান পৰিদৰ্শনৰ বাবে দুই দিন তাতেই থাকিব। আকৌ, ৰেলখন কামাখ্যাৰ পৰা ৭ জানুৱাৰীৰ ১৭:১৫ বজাত প্ৰস্থান কৰি ০৯ জানুৱাৰী, ২০২৫ তাৰিখে ২২:১৫ বজাত ৰাণা প্ৰতাপ নগৰত গৈ উপস্থিত হ’ব। ৰেলখন উভয় দিশৰ যাত্ৰাৰ সময়ত বেৰাচ জংচন কেবিন, আজমেৰ জংচন, মাদাৰ, জয়পুৰ জংচন, আগ্ৰা কেন্টনমেন্ট, ইটাৱা জংচন, গোবিন্দপুৰী, প্ৰয়াগৰাজ জংচন, বাৰাণসী জংচন, পণ্ডিত দীন দয়াল উপাধ্যায় জংচন, পাটলিপুত্ৰ, বাৰাউনি জংচন, কাটিহাৰ, নিউ জলপাইগুড়ী, নিউ কোচবিহাৰ আৰু নিউ বঙাইগাওঁ হৈ চলাচল কৰিব। পৰ্যটকৰ সুবিধাৰ বাবে ৰেলখনত শ্লীপাৰ শ্ৰেণী আৰু এচি-৩ টায়াৰ ডবা থাকিব।

এই ভাৰত গৌৰৱ বিশেষ ৰে’লৰ লক্ষ্য হৈছে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ উদযাপনেৰে এক অনন্য ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰা।

উত্তৰবঙ্গ অঞ্চল আৰু ইয়াৰ আশে পাশে থকা ৰাজ্যসমূহৰ লোকসকল এই ভ্ৰমণ যাত্ৰাৰ দ্বাৰা যথেষ্ট লাভান্বিত হব যিয়ে উক্ত গন্তব্যস্থানৰ অধিক অংশ একেই সময়ত সামৰি লব, আনহাতে ব্যক্তিগতভাৱে ভ্ৰমণৰ পৰিকল্পনা কৰিলে ইয়াৰ ব্যয় বহুত বেছি হব। ভাৰত গৌৰৱ হৈছে ভ্ৰমণ উৎসাহী সকলৰ বাবে এনেধৰণৰ প্ৰথমখন পৰ্যটন বিশেষ ৰেল আৰু ই ভাৰত চৰকাৰৰ উদ্যোগ “এক ভাৰত শ্ৰেষ্ঠ ভাৰত” আৰু “দেখো আপনা দেশ”ৰ সৈতে সংগতি ৰাখি প্ৰৱৰ্তন কৰা হৈছে। যাত্ৰীসকলে এই ৰেলযোগে ভ্ৰমণ সুবিধা লাভ কৰিবলৈ আইআৰচিটিচি ৱেবচাইটৰ পৰা তেওঁলোকৰ টিকট বুক কৰিব পাৰিব।

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳

    Telegram

    TelegramTweet🧘‍♂️ International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳   21 जून को मनाए जा रहे अंतर्राष्ट्रीय योग…

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣

    Telegram

    TelegramTweet🇮🇳 Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣   Another proud moment for the people of Assam! At…

    Leave a Reply

    Your email address will not be published. Required fields are marked *