ৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি, জনতাত আতঙ্ক

Telegram

ৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি, জনতাত আতঙ্ক

 

গুৱাহাটী, ১৪ ছেপ্টেম্বৰঃ আজি ৰাতিপুৱা ঠিক ৪.৪১ মিনিটত ৰাজ্যজুৰি প্ৰবল ভূমিকম্পৰ কম্পন অনুভূত হয়। আচমকা হোৱা এই ভূমিকম্পৰ জোকাৰণিত জনতাই ভয়ত ঘৰ, ফ্লাট আৰু দেৰা-দৰাখৰিৰ পৰা বাহিৰলৈ ওলাই আহে।

 

ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৫.৯। ভূমিকম্পটোৰ অভিকেন্দ্ৰ চিহ্নিত কৰা হৈছে ঢেকীয়াজুলিৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ দূৰত। ভূমিকম্পৰ প্ৰচণ্ড কম্পনৰ ধাক্কা অসমৰ বিভিন্ন জিলা লগতে প্রতিবেশী ৰাজ্যসমূহতো স্পষ্টভাৱে অনুভূত হয়।

 

প্ৰথমিক খবৰ অনুসৰি এতিয়ালৈকে বড়ো ধৰণৰ ক্ষয়ক্ষতি বা প্ৰাণহানীৰ কোনো তথ্য নাহিলেও, বহু ঠাইত ঘৰৰ দেৱালত ফাট ধৰা, সামান্য ক্ষতি হোৱা আদিৰ খবৰ পোৱা গৈছে। প্রশাসন আৰু বিপদ ব্যৱস্থাপনা বিভাগে তৎক্ষণাৎ পৰিস্থিতিৰ বিৱৰণ সংগ্ৰহ কৰিবলৈ টীম মোতায়েন কৰিছে।

 

আচমকা হোৱা এই ভূমিকম্পে মানুহৰ মাজত আতঙ্কৰ পৰিৱেশ সৃষ্টি কৰে। বহুতেই সুৰক্ষাৰ বাবে মুক্ত আকাশত ৰাতিপুৱা দীর্ঘ সময় উলিয়াই কাটে

  • Related Posts

    প্ৰধানমন্ত্ৰী মোদীক আদৰ কৰিবলৈ সাজু দৰংবাসী

    Telegram

    TelegramTweetপ্ৰধানমন্ত্ৰী মোদীক আদৰ কৰিবলৈ সাজু দৰংবাসী   দৰঙত আজিৰ দিনটো ঐতিহাসিক হ’ব বুলি আশাবাদী স্থানীয়বাসী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰং সফৰৰ লগত জুৰি গৈ আছে উন্নয়নৰ এক নতুন দিশ। আজিৰ এই…

    মহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনা

    Telegram

    TelegramTweetমহানগৰীৰ জুৰিপাৰত পথ দুৰ্ঘটনা   নিশা গুৱাহাটী মহানগৰীৰ জুৰিপাৰ অঞ্চলত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এটা বেগী ট্ৰাকে এটা বাইকত মহটিয়াই নিয়াৰ ফলত ভয়ংকৰ ঘটনা ঘটে।   প্ৰত্যক্ষদৰ্শীৰ বক্তব্য…

    Leave a Reply

    Your email address will not be published. Required fields are marked *