BTR NEWS

৭৯ সংখ্যক স্বাধীনতা দিৱসত প্ৰতিবাদত উত্তাল মহানগৰী

Telegram

৭৯ সংখ্যক স্বাধীনতা দিৱসত প্ৰতিবাদত উত্তাল মহানগৰী

 

দেশজুৰি আনন্দ-উল্লাসত উদযাপন হ’ল ৭৯ সংখ্যক স্বাধীনতা দিৱস। কিন্তু মহানগৰীৰ চচল চত্বৰত আজিৰ দিনটো চাব পৰা গ’ল এক বেলেগ পৰিৱেশ। স্বাধীনতাৰ আনন্দৰ মাজতেই প্ৰতিবাদৰ জুই জ্বলিলে চচলত।

 

প্ৰতিবাদস্থলীত ৰাষ্ট্ৰীয় পতাকা, মহাত্মা গান্ধীৰ ফটো আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোকচিত্ৰ লৈ আমৰণ অনশনত বহি থকা দেখা মিলিল জ্যোতিকেন্দ্ৰৰ এজন শিক্ষাকৰ্মীৰ। ইতিমধ্যে ২৪ দিন ধৰি ভোকে-লঘোণে এই আন্দোলন চলাইছে তেওঁ।

 

শিক্ষকজনৰ দাবী — নিজৰ ন্যায্য অধিকাৰ আৰু দাবী-দাও সমাধান নোহোৱা পৰ্যন্ত এই অনশন অব্যাহত থাকিব। ক্ষোভত গৰজিছে শিক্ষকজন, অভিযোগ কৰিলে মুখ্যমন্ত্ৰীৰ চৰকাৰৰ বিৰুদ্ধে।

 

প্ৰতিবাদৰ তীব্ৰতা আৰু শিক্ষকজনৰ স্বাস্থ্য অৱস্থা লৈ স্থানীয়সকলৰ মাজত চিন্তা বৃদ্ধি পাইছে। স্বাধীনতাৰ দিনে এনে দৃশ্য মহানগৰীৰ আনন্দ-উৎসৱৰ লগতে এক বেদনাৰ অনুভূতি লৈ আহিছে।

Exit mobile version