BTR NEWS

৬৭ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন।

Telegram

৬৭ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন।

তামুলপুৰ ১ নৱেম্বৰ।

তামুলপুৰ জিলা সদৰৰ তামুলপুৰ আঞ্চলিক হৰি মন্দিৰত ১৫ নৱেম্বৰ পৰা ২১ নৱেম্বৰলৈ সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬৭ সংখ্যক ৰাস মহোৎসৱ উৎযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে সমিতিয়ে। ৰাস মহোৎসৱ উৎযাপনৰ বাবে আজি এক মাঙ্গলিক পৰিবেশত লাইখুটা স্থাপন কৰে উৎযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকাই। লাইখুটা স্থাপনত সহযোগ কৰে স্থানীয় সমিতিৰ সভাপতি গিৰীশ চন্দ্ৰ মহন্তৰ লগতে উৎযাপন সমিতিৰ বিষয় ববীয়া সকলে। উৎযাপন সমিতিৰ সাধাৰণ সম্পাদক দমন পাটোৱাৰীয়ে জনোৱা মতে ৰাসৰ লগত সংগতি ৰাখি ভাওনা, নাগাৰা নাম, লোকগীত, ভূপেন্দ্ৰ সংগীত, সত্ৰীয়া নৃত্য, একক আধুনিক নৃত্যৰ লগতে দিহা নামৰ প্ৰতিয়োগীতা অনুষ্ঠিত কৰা লগতে সংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে। ৰাসৰ আটাইবোৰ কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উৎযাপন সমিতিৰ সভাপতি জলেন দৈমাৰী আৰু সাধাৰণ সম্পাদক দমন পাটোৱাৰীয়ে।

Exit mobile version