BTR NEWS

৪ গৰাকী অপহৃত ইজৰাইলী মহিলা সেনাক মুকলি

Telegram

৪ গৰাকী অপহৃত ইজৰাইলী মহিলা সেনাক মুকলি

 

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ বিৰতি চুক্তি অনুসৰি ৪ গৰাকী ইজৰাইলী মহিলা সেনাক মুকলি কৰা হৈছে। এই সেনা মহিলা সকল ১৫ মাহ ধৰি হামাছৰ কবলত আছিল। যুদ্ধ বিৰতিৰ অংশ হিচাপে এই পণবন্দী মুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

 

হামাছে ইতিমধ্যে মুকলি কৰিবলগীয়া লোকৰ নামৰ তালিকা ইজৰাইলৰ চৰকাৰলৈ প্ৰেৰণ কৰিছে। এই মুক্তিৰ আঁত ধৰি শান্তি স্থাপনলৈ আগবঢ়োৱাৰ লক্ষ্য গঢ়ি উঠিছে। এতিয়া ইজৰাইলৰ পৰা একে সময়ত কিমান পণবন্দী মুক্তি দিয়া হ’ব, তাক লৈও আলোচনা চলি আছে।

 

এই চুক্তিৰ পৰা আশা কৰা হৈছে যে, ইয়াৰ ফলত দুয়ো পক্ষৰ মাজত চলি থকা সংঘাত কিছুমান সময়ৰ বাবে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

 

Exit mobile version