BTR NEWS

৩৫ বছৰীয়া পেছাদাৰী ক্ৰিকেটাৰ ইমৰান পেটেলৰ মৃত্যু: খেলপথাৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

Telegram

৩৫ বছৰীয়া পেছাদাৰী ক্ৰিকেটাৰ ইমৰান পেটেলৰ মৃত্যু: খেলপথাৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

 

এজন প্ৰতিভাৱান ক্ৰিকেটাৰৰ জীৱন অসমাপ্ত হৈ শেষ হ’ল। ৩৫ বছৰীয়া পেছাদাৰী ক্ৰিকেটাৰ ইমৰান পেটেল বুধবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। ঘটনা সংঘটিত হৈছিল এখন লীগ মেচৰ সময়ত।

 

ইমৰান পেটেলে নিজৰ দলৰ হৈ মেচখনত অপেন কৰিবলৈ আহিছিল। খেলখন আৰম্ভ হোৱাৰ কিছুমান অভাৰৰ পাছতেই পেটেলে বাওঁ হাত আৰু বুকত বিষ অনুভৱ কৰে। খেলপথাৰতেই ঢলি পৰে পেটেল। চমু সময়ৰ ভিতৰতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু দুখৰ বিষয় যে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

 

ইমৰান পেটেলৰ মৃত্যু ক্ৰিকেটপ্ৰেমী সমাজৰ বাবে এটা গভীৰ শোক। এটা উদীয়মান প্ৰতিভা খেলপথাৰৰ মাজতে শেষ হৈ পৰাটো ক্ৰিকেটৰ বাবে এক অপূৰণীয় ক্ষতি।

 

পেটেলে নিজৰ কৰ্মজীৱনত বহু মেচত শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁৰ সাহস আৰু কৌশলৰ বাবে তেওঁ দলৰ মূল স্তম্ভ আছিল। ক্ৰিকেটৰ পৃথিৱীত এনে ঘটনা যেন পুনৰ সংঘটিত নোহোৱাকৈ খেলুৱৈসকলৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা উচিত।

 

ইমৰান পেটেলৰ পৰিয়াল আৰু বন্ধু-বান্ধৱলৈ সমবেদনা জ্ঞাপন কৰি, আমাৰ আশা যে তেওঁক সকলোৰে স্মৃতিত ৰাখা হ’ব।

 

Exit mobile version