BTR NEWS

২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 

Telegram

২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 

আমি কোকৰাঝাৰত দিয়া টকা কত গৈছে বিটিআৰ ৰাইজে নাজানে। বিটিৰাত এন্দুৰ, নেগুনি থকাৰ বাবে বিটিআৰত উন্নয়ন হোৱা নাই।— এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ । আজি ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ আঙাৰকাটাৰ বিনোৱাপুৰত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰী এখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি তেওঁ পুণৰ কয়— আমি এইবাৰ বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিম। কোকৰাঝাৰত বিজেপি চৰকাৰ হ’লে অসমত যেনেকৈ উন্নয়ন হৈছে থিক তেনেদৰে বিটিআৰতো উন্নয়ন হ’ব। কোকৰাঝাৰত বিজেপি চৰকাৰ নথকাৰ বাবে আমাৰ ৰাইজ বঞ্চিত হৈ আছে। ২০০৩ চনৰ পৰা বিটিৰাত মাটিৰ সমস্যা সমাধান হোৱা নাই। এইবাৰ কোকৰাঝাৰত বিজেপিৰ চৰকাৰ হ’লে আমি প্ৰথমে মাটিৰ সমস্যা সমাধান কৰিম।

সেয়েহে এইবাৰ বিজেপিক ভোট দি জয় যুক্ত কৰক আপোনালোকে। তেওঁ পুণৰ কয়—বিটিচিত বিজেপি থকা লৈকে কোনো লোকে একো কৰিব নোৱাৰে সেয়া গেৰান্টি দিছো মই। অসমৰ মুখ্যমন্ত্ৰী মই থকালৈ বিটিচিত কাৰো দাদাগিৰি নচৱিব। কোৰোৱাক কোনোবাই অত্যাচাৰ কৰিলে সি জেল যাব সেয়া খাটাং। বিটিচিত বিপিএফ আৰু ইউপিপিএল চৰকাৰ হ’লে মাটিৰ সমস্যা শেষ কৰিব নোৱাৰে। আমি বিটিচিত চৰকাৰ গঠন কৰিলেহে আঙাৰকাটাৰ মাটিৰ সমস্যা শেষ হ’ব। হিন্দু বেংগলী সকলৰ ডি ভোটাৰ সম্পৰ্কত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ ৰাখি কয় যে— কোনো হিন্দু বেংগলীৰ ডি ভোটাৰৰ সমস্যা নাথাকে। “ডি ভোটৰৰ পৰা মই ডাক্তৰ কৰিম এইবাৰ। আপোনালোকে ডি ভোটাৰক লৈ টেনশ্যন লৈ থাকিব নালাগে । আপোনালোকৰ টেনশ্যন মই লম । কেৱক আপোনালোকে লৰা ছোৱালীক ভালদৰে পঢ়ুৱাওক । ডাক্তৰ , ইঞ্জিনীয়াৰ বনাওক ।

অসম চৰকাৰৰ জনমুখী আঁচনিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়— অৰুণোদয় নাপালে মানুহৰ অন্তৰত দুখ লাগিব নলবাৰী, ৰঙিয়াত অৰুনোদয় যিমান দিওঁ তামুলপুৰে কিয় নাপায় বুলি প্ৰশ্ন কৰি ডঃ শৰ্মাই কয় ভিচিডিচিক পইচা নিদিলে অৰুণোদয়ত নাম নাহে , চৰকাৰী ঘৰ নাপায় । সেয়েহে এইবাৰ মই নিজেই নৱেম্বৰ মাহত আহি আপোনাকক অৰুণোদয়ৰ পইছা দিম বুলি ৰাইজক আস্বাস প্ৰদান কৰি আমি মাত্ৰ এবাৰ বিটিচি চৰকাৰৰ কৰিব পাৰিলে হাতীক কলগছ খুৱাই দিম। পইছা খাব নিদিও বুলিও মন্তব্য কৰে। আজিৰ এই নিৰ্বাচনী সভাত অসম চৰকাৰ মন্ত্ৰী তথা তামুলপুৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, প্ৰভাৰী দিলীপ শৰ্মা, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, বিজেপি নেতা সোমনাথ বসুমতাৰী, অৰ্জুন চেত্ৰী, মণ্ডল সভাপতি ৰীদীপ দাস, সম্পাদক বিকাশ চেত্ৰীৰ লগতে কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে। আনহাতে নিৰ্বাচনী প্ৰচাৰ চলাই সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে– বিবিচিৰ মুখ্য কাৰ্যবাহী সদস্য হ’ব বিজেপিৰ। বিজেপিৰ চৰকাৰ আহিলে স্বচ্ছ আৰু নিকা ভাৱে বিটিচিত দিব চৰকাৰী নিযুক্তি। বিটিচিত বিজেপি একক সংখ্যা গৰিষ্ঠ দল হোৱাৰ দিশে আগবাঢ়িছে। বিটিচিত এইবাৰ একেলগে স্ফুৰ্তিৰ মাজত নিৰ্বাচন হৈছে। পূৰ্বে ২ লাখ মানুহৰ ডি ভোটাৰ আছিল, এতিয়া কমি আহিছে। এইবোৰ সকলো ঠিক হৈ যাব। ১৯৭১ ৰ আগত অহা মানুহ ১০০ শতাংশ সকলো ভাৰতীয়। বিপিএফ, ইউপিপিএল একেলগেই থাকিব লাগে, চৰকাৰখন বিজেপিৰ হব লাগে। পিজিআৰ, ভিজিৰ মাটিৰ সমস্যা শেষ কৰিবৰ হলে, বিটিচি কৰ্তৃপক্ষই সদ ইচ্ছা দেখুৱাব লাগিব, ইয়াত ৰাজ্য চৰকাৰে একো কৰিব নোৱাৰে। কিন্তু যদি বিজেপিৰ চৰকাৰ হয় মই সমাধান কৰি দিম বুলি মন্তব্য কৰে শৰ্মাই।

Exit mobile version