BTR NEWS

২৬ নং, দৰংগাজুলিত বিপিএফৰ নিৰ্বাচনী গণ সমাবেশ ৷ বিপিএফৰ প্ৰাৰ্থী ইমানুৱেল মছাহাৰীৰ সমৰ্থনত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ। 

Telegram

২৬ নং, দৰংগাজুলিত বিপিএফৰ নিৰ্বাচনী গণ সমাবেশ ৷

বিপিএফৰ প্ৰাৰ্থী ইমানুৱেল মছাহাৰীৰ সমৰ্থনত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ। 

 

তামুলপুৰ ১২ ছেপ্টেম্বৰ

 

বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থী সকলে চলাইছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ। আজি তামুলপুৰ জিলাৰ বিটিচিৰ ২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিত বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰীৰ সমৰ্থনত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী ৰণশিঙা বজায়। দলীয় নেতা মজিবুৰ আলী আহমেদে আঁত ধৰা নিৰ্বাচনী গণ সমাবেশখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে কয়— আমি কোনো দলৰ সৈতে মিত্ৰতা নকৰি বিটিচি নিৰ্বাচনত অৱতীৰ্ণ হৈছো। আমাৰ বিজেপি, কংগ্ৰেছ অথবা ইউপিপিএল কোনো দলৰ সৈতে মিত্ৰতা নকৰি এইবাৰ সংখ্যাগৰিষ্ঠ সংখ্যা লৈ বিটিচি চৰকাৰ গঠন কৰি সকলো জাতি জনগোষ্ঠীৰ সমস্যা সমাধান কৰিম। চৰকাৰ গঠন কৰাৰ পিছতে আমি বিপিএফ দলে ভূমিৰ সমস্যা আৰু ডি ভোটাৰ সমস্যা ছয় মাহৰ ভিতৰতে শেষ কৰিম। ভাষণত তেওঁ পুণৰ কয়—আমাক এইবাৰ শ্ৰীৰামপুৰৰ পৰা গহপুৰ লৈ বিটিচিৰ‌ ৰাইজে বিপিএফ দলক বিচাৰিছে আৰু সেই বাৰ্তা লৈয়ে আমি এইবাৰ আগবাঢ়িছো। অহা কালি আমি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিম। ইস্তাহাৰত বিটিচিৰ সকলো জাতি জনগোষ্ঠী সমস্যা সমূহ প্ৰকাশ কৰা হৈছে বুলিও মন্তব্য কৰি দৰঙাজুলি সমষ্টিৰ প্ৰাৰ্থী ইমানুৱেল মুছাহাৰীক অহা ২২ ছেপ্টেম্বৰত বিপিএফৰ ছবি নাঙলত ভোট দিবলৈও ৰাইজক আহ্বান জনায়। ২৬ নং দৰংগাজুলি সমষ্টিৰ প্ৰাৰ্থী ইমানুৱেল মছাহাৰীয়ে আদৰনী ভাষণ দি ২২ ছেপ্টেম্বৰ তাৰিখে ভোট দিবলৈ প্ৰাৰ্থী গৰাকীয়ে ৰাইজক আহ্বান জনায়। বিপিএফ দলৰ অন্যতম সম্পাদক সুভাষ চৰকাৰ, যুৱ বিপিএফৰ সভাপতি ৰিঞ্জয় বড়োৱে ভাষণ ৰাখি ইউ পি পি এল দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ আজিৰ এই সভাখনত বিপিএফ নেতা কাষ্টম মছাহাৰী, তামুলপুৰ জিলা বিপিএফৰ ভাৰপ্ৰাপ্ত সভাপতি চিনাকান্ত বসুমতাৰী, সম্পাদক চিত্ৰেশ্বৰ নাৰ্জাৰী, ব্লক বিপিএফৰ নেতা কৰ্মী দলীয় সদস্য সকল উপস্থিত থাকে ৷ ইপিনে নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত বিপিএফ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ আগত কয়–এইবাৰ নিৰ্বাচনী ইস্তাহাৰত আমাৰ প্ৰথম প্ৰতিশ্ৰুতি হব বিটিচি বাসীক মাটিৰ পট্টা দিয়া ৷ নিৰ্বাচনত বিপিএফ দলে ভৱাতকৈ বেছি আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰি মহিলাৰীয়ে সাংবাদিকৰ আগত পুনৰ কয়–পূজাৰ আগতে আমি বিটিচিৰ পৰিষদ গঠন কৰিম। বিজেপি বিটিচিৰ শাসনলৈ আহিলে বিটিচিত ভিচিডিচি ব্যৱস্থা উঠাই দিয়া সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত হাগ্ৰামাৰ মহিলাৰীয়ে কয়— ভিচিডিচি মূৰ্ত্তি নহয় যে দাঙি নি কৰবাত পেলায় দিব। নিৰ্বাচনত ষ্টাৰ নেতা কোন বুলি সোধাত তেও কয়–এইবাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী প্ৰথম ষ্টাৰ কেম্পেইনাৰ আৰু মই দ্বিতীয় ষ্টাৰ কম্পেইনাৰ ৷ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত প্ৰমোদ বড়োৰ কোনো নাম্বাৰেই নাই বুলিও প্ৰমোদ বড়োক কটাক্ষ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

বিজেপি বিগ ব্ৰাডাৰ হলেও মই সৰু নহয় বুলি মন্তব্য কৰি কয়–নিৰ্বাচনত বিজেপি দ্বিতীয় স্থানত থাকিব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷###

Exit mobile version