
২৪ নং বাহিনী এছএছবিৰ উদ্যোগত তামুলপুৰত কম্পিউটাৰ প্ৰশিক্ষণৰ শুভাৰম্ভ।
তামুলপুৰ, ২৪ ডিচেম্বৰঃ
প্ৰশিক্ষণৰ কাৰ্যসূচী উদ্বোধন কৰি শিক্ষাৰ্থীসকলক উদ্দেশ্যী তেওঁ চিলাইৰ বিভিন্ন লাভালাভৰ বিষয়ে কোৱাৰ লগতে ঘৰুৱা প্ৰয়োজনীয়তাৰ লগতে বৰ্তমান ই এক অতি লাভজনক বিষয় বুলিও মন্তব্য কৰে। এইক্ষেত্ৰত ২৪ নম্বৰ বাহিনী এছএছবিয়ে বিভিন্ন সময়ত যুৱক-যুৱতী, মহিলাসকলক স্বাৱলম্বী কৰাৰ স্বাৰ্থত এনেধৰণৰ লাভজনক বিষয়ৰ প্ৰশিক্ষণ দি আহিছে।
আজিৰ এই কাৰ্যসূচীত উপস্থিত থকা সীমান্তৱৰ্তী প্ৰশিক্ষাৰ্থীসকল উৎসাহিত হোৱাৰ লগতে ২৪ নম্বৰ বাহিনী ৰঙিয়া এছএছবিৰ এনেধৰণৰ কাৰ্যসূচীক প্ৰশংসা কৰে। আজিৰ এই চিলাই প্ৰশিক্ষণ শুভাৰম্ভণি অনুষ্ঠানটোত ২৪ নম্বৰ বাহিনী এছএছবি ৰঙিয়াৰ কেইবাগৰাকীও জোৱান উপস্থিত আছিল।