BTR NEWS

২৪বটালিয়ন সশস্ত্ৰ সীমা বল ৰঙিয়া দ্বাৰা ৩০দিনীয়া কম্পিউটাৰ প্ৰশিক্ষণ পাঠ্যক্ৰমৰ শুভাৰম্ভ। 

Telegram

২৪বটালিয়ন সশস্ত্ৰ সীমা বল ৰঙিয়া দ্বাৰা ৩০দিনীয়া কম্পিউটাৰ প্ৰশিক্ষণ পাঠ্যক্ৰমৰ শুভাৰম্ভ। 

 

কুমাৰীকাটা, ৪ ছেপ্টেম্বৰ।

 

২৪ বাহিনী সশস্ত্ৰ সীমা বল (SSB), ৰঙিয়াৰ কমাণ্ডেণ্ট এইচ. কে. গুপ্তাই নাগৰিক কল্যাণ কাৰ্যসূচী (উত্তৰ-পূৰ্বাঞ্চল)ৰ অন্তৰ্গত সীমান্তৱৰ্তী অঞ্চলৰ ৪০জন ছাত্ৰ-ছাত্ৰীক ৩০ দিনীয়া কম্পিউটাৰ প্ৰশিক্ষণ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰে।

 

অনুষ্ঠানৰ আৰম্ভণিত ভাষণ দি এইচ. কে. গুপ্তাই কয় যে, “আজিৰ যুগত কম্পিউটাৰ শিক্ষাৰ গুৰুত্ব অত্যন্ত বেছি। এইটো কেৱল শিক্ষাৰ ক্ষেত্ৰতে নহয়, প্ৰতিযোগিতামূলক পৰীক্ষা আৰু ব্যৱসায়িক ক্ষেত্ৰতো এটা বিশেষ ভূমিকা পালন কৰে।” তেওঁ কম্পিউটাৰৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে বিস্তাৰিতভাৱে বর্ণনা কৰে। এই প্ৰশিক্ষণে সীমান্তৱৰ্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰে ডিজিটেল পৃথিৱীৰ সৈতে সংযোগ ঘটাব বুলি আশা প্ৰকাশ কৰে।

 

তেওঁ লগতে কয় যে, “সশস্ত্ৰ সীমা বলৰ মুখ্য দায়িত্ব হৈছে ভাৰত-ভূটান আৰু ভাৰত-নেপাল সীমাৰ সুৰক্ষা নিশ্চিত কৰা। তাৰ উপৰিও স্থানীয় জনসাধাৰণৰ কল্যাণ, সামাজিক বিকাশ আৰু সীমান্ত অঞ্চলত শান্তি আৰু সহযোগিতা ৰক্ষা কৰাতো SSBৰ এক গুৰুত্বপূর্ণ দায়িত্ব।”

 

এই ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী এজন যুৱকক আত্মনির্ভৰশীল আৰু সক্ষম কৰি তোলাৰ দিশত এক ইতিবাচক পদক্ষেপ বুলি উল্লেখ কৰি তেওঁ কয়, “এই পাঠ্যক্ৰমৰ মূল উদ্দেশ্য হৈছে যুৱ সমাজক আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰা, তেওঁলোকক ডিজিটেল শিক্ষাৰ প্ৰয়োজনীয়তা বুজাবলৈ সহায় কৰা, আৰু ভৱিষ্যতৰ চাকৰি বা ব্যৱসায়িক সুযোগৰ বাবে সক্ষম কৰি তোলা।”

 

সমাপ্তিত, তেওঁ সকলো ছাত্ৰ-ছাত্ৰীক শুভকামনা জনাই কয়, “এই সুযোগক মনোযোগ সহকাৰে গ্ৰহণ কৰক আৰু আপোনাৰ জ্ঞানক সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰক।”

 

এই প্ৰশিক্ষণ NBCE Skill Development আৰু Career Info, তামুলপুৰৰ সহযোগত চলি আছে। এই ৩০ দিনীয়া কম্পিউটাৰ প্ৰশিক্ষণত শিক্ষাৰ্থীসকলক MS Office (Word, Excel, PowerPoint), Photoshop, PageMaker আৰু Internet সম্পৰ্কীয় জ্ঞান দিয়া হ’ব।

 

এই উপলক্ষে ২৪ বাহিনী এছএছবিৰ উপ কমাণ্ডেণ্ট ভেংকট ৰমন মিশ্ৰ, সহায়ক কমাণ্ডেণ্ট ছৈয়দ আফছৰ, Career Info-ৰ প্ৰবন্ধক পৰিচালক অমৰ সিং ব্ৰহ্ম, ছাত্ৰ-ছাত্ৰী তথা এছএছবিৰ জোৱান উপস্থিত আছিল।

Exit mobile version