
২০২৪-২৫ বৰ্ষৰ APSC আৰু UPSC প্ৰশিক্ষণৰ শুভাৰম্ভণি—আহোম উন্নয়ন পৰিষদৰ উদ্যোগ
আহোম উন্নয়ন পৰিষদৰ অধীনত ২০২৪-২৫ বৰ্ষৰ বাবে APSC আৰু UPSC পৰীক্ষাৰ প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠিত হয়। অনুষ্ঠানত অসম চৰকাৰৰ খনন আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী যোগেন মহনে উপস্থিত থাকি প্ৰশিক্ষণার্থীৰ মনোবল বৃদ্ধি কৰে।
অনুষ্ঠানত প্ৰশিক্ষণাৰ্থীসকলৰ বাবে লেপটপ আৰু বিভিন্ন প্ৰয়োজনীয় গ্ৰন্থ বিতৰণ কৰা হয়, যাৰ উদ্দেশ্য হ’ল তেওঁলোকক উচ্চমানৰ প্ৰস্তুতিৰ সুবিধা প্ৰদান কৰা। মন্ত্ৰী মহনে তেওঁলোকক উৎসাহিত কৰি কয়, “অসমৰ উন্নয়নৰ বাবে যোগ্য প্ৰশাসনিক কেডাৰৰ প্ৰয়োজন। আশা কৰোঁ, এই প্ৰশিক্ষণে আমাৰ ৰাজ্যৰ ভবিষ্যৎ নেতা আৰু প্ৰশাসক তৈরি কৰিব।”
প্ৰশিক্ষণ কাৰ্যসূচী বিশেষজ্ঞ শিক্ষকৰ দ্বাৰা পরিচালিত হ’ব আৰু প্ৰশিক্ষণার্থীৰ বাবে এক নিৰ্দিষ্ট পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে। আহোম উন্নয়ন পৰিষদৰ এই উদ্যোগে উচ্চ শিক্ষাৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি কৰাৰ লগতে অসমীয়াৰ প্ৰতিভাক উদগনি যোগাব বুলি আশা কৰা হৈছে।
এই পদক্ষেপে অসমৰ যুৱ শক্তিক নতুন উচ্চতালৈ লৈ যাব আৰু অসমৰ সমৃদ্ধি গঢ়িবলৈ সহায় হ’ব বুলি আয়োজকসকলে আশা কৰিছে।