BTR NEWS

হেৰুৱা মোবাইল ফোনসহ এগৰাকী গভাইদ চোৰ আটক

Telegram

হেৰুৱা মোবাইল ফোনসহ এগৰাকী গভাইদ চোৰ আটক।

 

বিশেষ তথ্যৰ ভিত্তিত গুৱাহাটী মহানগৰৰ আৰক্ষীয়ে এজন গভাইদ ম’বাইল চোৰ আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা চোৰটো ৰছিদ আলী (৩৩ বছৰ), পিতৃঃ লেফটেনেণ্ট হানিফ আলী, ঠিকনাঃ ১ নং কপলাবাৰী, পি অ’ কপলাবাৰী, পি এছ মুকালমুৱা, জিলা নলবাৰী। আৰক্ষীয়ে জানিব দিয়া অনুসৰি গুৱাহাটী মহানগৰৰ কাহিলীপাৰাৰ মূল পথৰ গণেশ টাৰ্নিংত চুৰি কৰা মোবাইল ফোন বিক্ৰী কৰিবলৈ গ্ৰাহক বিচাৰি থকা অৱস্থাতে হাতে লতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

 

তাঁৰ পৰা তলত দিয়া চুৰি কৰা মোবাইল ফোনসমূহ উদ্ধাৰ কৰা হয়:

 

১. এটা POCO M4 Pro মোবাইল হেণ্ডছেট

২. এটা Vivo 1915 মোবাইল হেণ্ডছেট

৩. এটা Vivo Y15 মোবাইল হেণ্ডছেট

৪. এটা Redmi Note 8 মোবাইল হেণ্ডছেট

৫. এটা OPPO A15 মোবাইল হেণ্ডছেট

 

জেৰাত গ্ৰেপ্তাৰ হোৱা অভিযুক্তজনে স্বীকাৰ কৰে যে তেওঁ গুৱাহাটী মহানগৰীৰ বিভিন্ন নিৰ্মাণ স্থানৰ পৰা এই মোবাইল ফোনসমূহ চুৰি কৰিছিল।

 

অভিযুক্তৰ বিৰুদ্ধে আইনাগত ব্যৱস্থা গ্ৰহণ কৰা লগতে, আৰক্ষীয়ে অধিক তদন্ত চলি আছে বুলি জানিব পৰা গৈছে।

Exit mobile version