হাতে কামে লাগি পথ নিৰ্মাণত ব্যস্ত তামুলপুৰৰ উত্তৰ গান্ধীবাৰীৰ ডোঙপাৰ চুবুৰীৰ ৰাইজ

Telegram

হাতে কামে লাগি পথ নিৰ্মাণত ব্যস্ত তামুলপুৰৰ উত্তৰ গান্ধীবাৰীৰ ডোঙপাৰ চুবুৰীৰ ৰাইজ

 

নিৰ্বাচনৰ সময়ত দিয়া জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি অসাৰ

 

তামুলপুৰ, ২৭ মে’:

 

প্ৰতি বছৰে চৰকাৰ আহে চৰকাৰ যায়। নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ ফুলজাৰি মৰা প্ৰতিখন চৰকাৰৰ যেন আহৰি নাই গঞাৰ সমস্যা সমাধান কৰিবলৈ। তামুলপুৰ জিলাৰ অন্তৰ্গত উত্তৰ গান্ধীবাৰীৰ ডোঙপাৰ চুবুৰীৰ চাৰিটা পথ বছৰ বছৰ ধৰি বিধ্বস্ত হৈ থকাৰ ফলত বাৰিষা কালত গাঁওখনৰ পৰা ওলাই যাবলৈ কোনোধৰণৰ বিকল্প নোহোৱা হৈ পৰে। ফলশ্ৰুতিত নিতৌ বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰী সকলে বাৰিষাকালত যথেষ্ট সমস্যাত পৰে। বোকা পানীময় পথচোৱাৰ লগতে বাহৰ সাঁকোৰে বিপদসংকুল যাতায়ত কৰিবলগীয়া হয় গঞাই। বাৰিষাকালত জৰুৰীকালীন অৱস্থাত কোনোধৰণৰ এম্বুলেঞ্চ প্ৰবেশ কৰিব নোৱাৰাৰ ফলত থেলাত তুলি ৰোগী সকলক লৈ যাবলগীয়া হয়। তদুপলক্ষে আজি উত্তৰ গান্ধীবাৰীৰ ডোঙপাৰ চুবুৰীৰ ৰাইজে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বুবুল ডেকাই সহায়ৰ হাত আগবঢ়াই পেলাই দিয়া কেইবাট্ৰেক্টৰ শিল বালিৰে অঞ্চলবাসীয়ে শ্ৰমদান কৰি পথ মেৰামতিৰ কামত ব্যস্ত হৈ পৰিছে। চৰকাৰৰ প্ৰতি ক্ষোভপ্ৰকাশ কৰি অঞ্চলটোৰ ৰাইজে কয় যে– নিৰ্বাচনৰ সময়ত সকলোৱে প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পিছত অঞ্চলটোৰ খবৰ লবলৈ জনপ্ৰতিনিধিৰ যেন আহৰি নাই। আমি কেবল ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ হে জীয়াই আছো। জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি সকলো ফুটুকাৰ ফেন। উপায়বিহীন হৈ আমি গাঁওখনৰ সকলো পুৰুষ মহিলা ওলাই আহি পথ মেৰামতি কৰিছো। মেৰামতিৰ ফলত পথচোৱা কিছু সুচল হব যদিও এয়া কোনো স্থায়ী সমাধান নহয় বুলি উল্লেখ কৰি অতিশীঘ্ৰে উক্ত পথচোৱাৰ লগতে মাজেৰে বৈ যোৱা ডোংটোত বাহৰ সাঁকোখনৰ পৰিবৰ্তে এখন মিনি দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰক দাবী উত্থাপন কৰে।

  • Related Posts

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳

    Telegram

    TelegramTweet🧘‍♂️ International Yoga Day पर Taj Mahal में Free Entry से खुश हुए पर्यटक, बोले – “ये अच्छी बात है!” 🇮🇳   21 जून को मनाए जा रहे अंतर्राष्ट्रीय योग…

    • Current
    • June 21, 2025
    • 2 views
    • 1 minute Read
    Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣

    Telegram

    TelegramTweet🇮🇳 Assam in His Heart, Assam in His Soul — PM Modi Wears Assamese Gamusa with Pride Once Again! 🧣   Another proud moment for the people of Assam! At…

    Leave a Reply

    Your email address will not be published. Required fields are marked *